তেজপুৰ, 6 অক্টোবৰ : দেশৰ নাৰী সুৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনত আত্মৰক্ষাৰ বাবে নাৰীক অস্ত্ৰ তুলি লোৱাৰ ক্ষমতা প্ৰদান কৰিব পৰা এখন আইন প্ৰণয়নৰ আহ্বান জনাই হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অভিনেত্ৰী চিমী গোস্বামীৰ নেতৃত্বত মঙলবাৰে প্ৰতিকুল বতৰকো নেওচি তেজপুৰৰ একাংশ সচেতন মহিলা, যুৱতী আৰু কিশোৰীয়ে দিনৰ প্ৰায় 1 বজাৰ পৰা দেশত সংঘটিত হৈ থকা সকলো ধৰণৰ ধৰ্ষণ কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনাই সকলো ধৰ্ষণকাৰী বয়স, ধৰ্ম বিচাৰ নকৰি মৃত্যুদণ্ডৰ দাবী জনায় ৷
আনহাতে, প্ৰতিবাদকাৰী সকলে ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি মৃত্যুদণ্ডৰ দাবী জনাই ৷ লগতে, দেশত নাৰীৰ সুৰক্ষাৰ বাবে নতুন আইন প্ৰণয়ন হ’ব লাগে বুলিও দাবী জনাই ৷
লগতে পঢ়ক : কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ক’লা ব্যৱসায় !