ৰঙাপৰা,5 মাৰ্চ: ঢেকিয়াজুলি সমষ্টিত অশোক সিংঘালক লৈ ক্ষোভৰ জুই জ্বলিছে বিজেপি সমৰ্থক আৰু স্থানীয় বিভিন্ন সংগঠনৰ মাজত। আন আন সমষ্টিসমূহৰ দৰে ঢেকিয়াজুলি সমষ্টিটো বিজেপিৰ মাজত সৃষ্টি হৈছে গৃহ কণ্ডল ৷ পুনৰ সমষ্টিটোত বিজেপি দলে অশোক সিংঘালক টিকটৰ বাবে বাঁছনি কৰাৰ পাচতে ক্ষোভিত হৈ পৰিছে দলটোৰ নেতা কৰ্মীসকল ৷ সমষ্টিটোৰ দল সংগঠনসমূহেও বিৰোধীতা কৰিছে অশোক সিংঘালক ৷ ভোজপুৰী ছাত্র সন্থা,বজৰং দল,আটছা আৰু বেংগলী ফেডাৰেচনৰ লগতে একাংশ বিজেপি সমৰ্থকে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
সমৰ্থক সকলে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াৰ লগতে সমষ্টিটোৰ অন্তর্গত চিৰাজুলিতো অশোক সিংঘাল মুৰ্দাবাদ, চালানি আম আমাক নালাগে,অশোক সিংঘালক পুনৰ সমষ্টি উন্নয়নৰ ধন খাবলৈ দিয়া নহ'ব আদি ধ্বনিৰে সিংঘালৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনফালে অনাগত দিনত যদি সমষ্টিটোত স্থানীয় প্ৰাৰ্থী নিদিয়ে তেন্তে বিধায়ক গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে বহু বিজেপি কৰ্মীয়ে দল ত্যাগৰো হুংকাৰ দিয়ে ৷
লগতে পঢ়ক: বিজেপি কৰ্মীৰ প্ৰতিবাদ