ETV Bharat / state

ড্ৰাগছৰ বাবেই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কয়দীৰ মাৰপিট - Drugs supply in Tezpur Central Jail

ৰাজ্য়ত ড্ৰাগছ সেৱন তথা ডাগছৰ বেহা প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ অহাৰ মাজতে সংশোধনৰ বাবে কাৰাগাৰলৈ যোৱা কয়দীৰ মাজত ড্ৰাগছ সেৱনক লৈয়ে মাৰপিট (Prisoners beaten up in Tezpur Central Jail over drug) ৷ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে এই ঘটনা ।

Prisoners beaten up in Central Jail over drugs in Tezpur
তেজপুৰ কেন্দ্ৰীয় কাৰাগৰাৰ ভিতৰতে কয়দীক প্ৰহাৰ
author img

By

Published : Jun 24, 2022, 7:05 PM IST

তেজপুৰ, ২৪ জুন: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অঘটন । শুক্ৰবাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত দুই কয়দীৰ মাজত লাগিল মাৰপিটৰ ঘটনা (Two prisoners fight in Tezpur Central Jail)। পিছত এই মাৰপিটৰ ঘটনাই ল'লে ভয়াৱহ ৰূপ । ঘটনাৰ বিৱৰণি মতে, কেন্দ্ৰীয় কাৰাগৰাৰ ভিতৰত ভাস্কৰ নাথ নামৰ আন এজন কয়দীক ড্ৰাগছ সেৱন কৰি থকা প্ৰত্যক্ষ কৰি মহীদুল ইছলাম নামৰ আন এজন কয়দীয়ে বাধা প্ৰদান কৰে ( Drugs supply in Tezpur Central Jail) ।

ইয়াকে লৈ দুয়োজন কয়দীৰ মাজত আৰম্ভ হয় মাৰপিট । উক্ত ঘটনাত ভাস্কৰ নাথ নামৰ কয়দীজন গুৰুতৰ ভাৱে আহত হোৱাত কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।

অৱশ্য়ে কাৰাগাৰৰ জেইলাৰ ৰাজু চৌধুৰীয়ে এনে কোনো ঘটনা সংঘটিত হোৱাৰ কথা অস্বীকাৰ কৰিছে । তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত এনে কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই বুলি জানিব দিয়ে বিষয়াগৰাকীয়ে ।

ইপিনে, জেইলাৰ ৰাজু চৌধুৰীয়ে এই ঘটনাটো অস্বীকাৰ কৰিলেওে ভাস্কৰ নাথ নামৰ কয়দীজনে কাৰগাৰৰ ভিতৰত হোৱা ঘটনাটোক সঁচা বুলি উল্লেখ কৰে ৷ এনে পৰিপেক্ষিতত সমগ্ৰ বিষয়টোৱে ৰহস্য়ৰ সৃষ্টি কৰিছে । কাৰাগাৰৰ ভিতৰলে কেনেকৈ ড্ৰাগছৰ যোগান অথবা কয়দীয়ে ড্ৰাগছ সেৱন কৰিবলৈ সুযোগ পালে, তাক লৈ ৰাইজৰ মাজত ব্য়াপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:শিৱসাগৰত অঘটন: দিখৌত জাপ মহিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.