ETV Bharat / state

Special camp on PM Kisan: শোণিতপুৰত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সুবিধাৰ্থে বিশেষ শিবিৰ

author img

By

Published : Jul 9, 2023, 2:27 PM IST

পি এম কিষাণ আঁচনিৰ অধীনত জিলাখনৰ যোগ্য হিতাধিকাৰীসকলৰ বাবে 6 জুলাইৰ পৰা 10 জুলাই লৈ শোণিতপুৰ জিলাৰ সাতটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে ৷ পি এম কিষাণৰ বাবে আবেদন কৰা প্ৰতিজন কৃষকে আৰু পূৰ্বে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰি থকা কৃষকসকলে এই শিবিৰলৈ আহি নিজৰ তথ্য সমূহ পৰীক্ষণ কৰাব লাগিব ৷

PM Kisan special camps organized in Sonitpur
পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সুবিধাৰ্থে বিশেষ শিবিৰ

তেজপুৰ, 9 জুলাই : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি অৰ্থাৎ পি এম কিষাণ আঁচনিৰ সুবিধা লাভৰ পৰা শোণিতপুৰ জিলাৰ কোনো যোগ্য কৃষক যাতে বাদ পৰি নাযায় তাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে জিলা কৃষি বিভাগে ৷ পি এম কিষাণ আঁচনিৰ অধীনত জিলাখনৰ যোগ্য হিতাধিকাৰীসকলে 14 নং কিস্তিৰ ধন লাভ কৰিবলৈ আৰু পৰৱর্তী কিস্তিসমূহ লাভ কৰি থাকিবৰ বাবে সহায়ক হোৱাকৈ 6 জুলাইৰ পৰা 10 জুলাই লৈ জিলাখনৰ সাতটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে ৷

জিলাখনৰ গাভৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বিহগুৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বৰচলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বালিপাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, ৰঙাপাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু ন- দুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হোৱা এই বিশেষ শিবিৰলৈ আহোতে যোগ্য হিতাধিকাৰীসকলে নিজৰ আধাৰ কাৰ্ড, পূৰ্বৰে পৰা এই আঁচনিৰ অধীনত ধনৰাশি পাই থকা বেংকৰ পাছবুক, আধাৰ পঞ্জীয়নভুক্ত মোবাইল ফোন লৈ আহিবলৈ আহ্বান জনাইছে শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই ৷

পি এম কিষাণৰ বাবে আবেদন কৰা প্ৰতিজন কৃষকে আৰু পূৰ্বে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰি থকা কৃষকসকলে এই শিবিৰলৈ আহি নিজৰ তথ্য সমূহ পৰীক্ষণ কৰাব লাগিব ৷ এই বিশেষ শিবিৰত পি এম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীসকলে সমূহীয়া সেৱা কেন্দ্ৰ (CSC)ৰ প্ৰতিনিধি, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী, কৃষি সখী, জীৱিকা সখীৰ জৰিয়তে বায়োমেট্ৰিক ই-কে ৱাই চি (e-KYC) সম্পাদনৰ সুবিধা লাভ কৰাৰ উপৰিও শিবিৰত অংশগ্ৰহণ কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নকৰণ, প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) অনুমোদনৰ প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধা লাভ কৰাৰ লগতে শিবিৰত ইণ্ডিয়া পোষ্ট পে'মেন্টছ বেংকৰ প্ৰতিনিধিৰ সহায়ত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউন্ট (IPPB) খোলাৰ সুবিধা লাভ কৰিব ৷

উল্লেখ্য যে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰি থকা জিলাখনৰ যোগ্য কৃষকসকলৰ ভিতৰত প্ৰায় সাত হাজাৰ হিতাধিকাৰীয়ে এতিয়াও নিজৰ ই- কে ৱাই চি (e-KYC) সম্পন্ন কৰা নাই, এইসকল কৃষকক 10 জুলাইৰ ভিতৰত উল্লেখিত বিশেষ শিবিৰসমূহলৈ আহি নিজৰ ই- কে ৱাই চি (e-KYC) সম্পন্ন কৰিবলৈ আহ্বান জনাইছে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ( কৃষি ) পংকজ বৰাই ৷ 06 জুলাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই বিশেষ শিবিৰ সমূহ পৰিদৰ্শন কৰি সামগ্ৰীক দিশ পৰ্যবেক্ষণ কৰাৰ লগতে কৃষকসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে কৃষি উন্নয়ন বিষয়াসকল আৰু অন্যান্য বিষয়া, কৰ্মচাৰীসকলক বিশেষভাৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনালে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই ৷ তেখেতক সংগ দিয়ে মহকুমা কৃষি বিষয়া তথা পি এম কিষাণৰ জিলা নডেল বিষয়া অজিৎ কুমাৰ বৰা, কৃষি উন্নয়ন বিষয়া সঞ্জীৱ শইকীয়া আৰু জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াই ৷

জিলাখনৰ সকলো পি এম কিষাণৰ যোগ্য হিতাধিকাৰীসকলক এই বিশেষ শিবিৰসমূহলৈ উল্লেখিত নথি-পত্ৰসমূহ লৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে যিকোনো তথ্যৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয়, স্থানীয় কৃষি উন্নয়ন বিষয়া (ADO), কৃষি সম্প্ৰসাৰণ সহায়ক, কৃষি সখী, জীৱিকা সখী, গাওঁ প্ৰধান সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শোণিতপুৰ জিলা কৃষি বিভাগে ৷

লগতে পঢ়ক: Majuli ferry service: পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.