ETV Bharat / state

Birthday of Aishwarya Kakati: তেজপুৰত প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

author img

By

Published : Nov 2, 2022, 11:02 PM IST

৭৯ বছৰত পদাৰ্পণ কৰিলে প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে (Playwriter Aishwarya Kakati)। এই জন্মদিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ " ।

Birthday of Aishwarya Kakati
প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

তেজপুৰ,২ নৱেম্বৰ: তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীণ অভিনেতা, পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯তম জন্মদিন আজি অৰ্থাৎ বুধবাৰে তেজপুৰ ইউনাইটেড আৰ্টিষ্ট ফৰামে ড৹ ভূপেন হাজৰিকা কলা ভূমিত উদযাপন কৰে (Playwriter Aishwarya Kakati) ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অভিনেতা তেজপুৰৰ সন্তান নিপন গোস্বামী আৰু বিশিষ্ট চিত্ৰকৰ নীলপৱন বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

প্ৰবীণ অভিনেতা, পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ (Artist Aishwarya Kakati) ৭৯তম জন্মদিনৰ উপলক্ষ্যে ইউনাইটেড আৰ্টিষ্ট ফৰামে ড৹ ভূপেন হাজৰিকা কলা ভূমিত কাকতিৰ ৰচনা আৰু পৰিচালনাত "ছ হাত মাথোঁ" নামৰ নাটখন প্ৰদৰ্শন কৰে ৷ নাটখনি উদ্বোধন কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুৰণেশ্বৰ নাথে । আনহাতে এই নাটকখন উপভোগ কৰিবলৈ উপস্থিত থাকে অসমৰ বিভিন্ন বৰেণ্য নাট্যকাৰ শিল্পী সমাজ সেৱক ৷

অনুষ্ঠানত ইউনাইটেড আৰ্টিষ্ট ফৰামে বেহাৰবাৰী আউট পোষ্টৰ মোহন তথা দীপজ্যোতি কেওঁটক সম্বৰ্ধনা জনায় । নাটকখন মঞ্চস্থ কৰি নাট্যকাৰ কাকতিয়ে কয়, ‘‘নাটকে মোক জীৱন দিছে আৰু মই নাটকক জীৱন দিছোঁ ৷ মোৰ ৭৯ বছৰ বয়সত আজি প্ৰতিজ্ঞা কৰিছো জীৱনৰ শেষ সময়লৈকে ৰাইজক এখন নতুন নাটক উপহাৰ দি যাম’’ ৷ তেওঁ লগতে নাটকৰ জৰিয়তে সমাজৰ অপশক্তিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰো হুংকাৰ দিয়ে ৷

আনহাতে, মোহনখ্যাত দীপজ্যোতি কেওঁটে ঐশ্বৰ্য কাকতিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত সুখী বুলি সদৰী কৰে । তেওঁ লগতে প্ৰয়াত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু এজন পথ পথ প্ৰদৰ্শকক হেৰুৱাই বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: DAC Election 2022: বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.