ETV Bharat / state

ৰঙাপৰাত বিপদসংকুল যাতায়ত

স্থানীয় প্ৰতিনিধি, চৰকাৰ তথা প্ৰশাসনৰ চৰম অৱহেলাৰ বাবে ৰঙাপৰাৰ মোলান গাঁৱৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে বিপদ সংকুলভাবে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

ৰঙাপৰাত বিপদসংকুল যাতায়ত
author img

By

Published : Aug 28, 2019, 1:54 PM IST

শোণিতপুৰ. 28 আগষ্ট : শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা উদমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ মোলান গাঁৱৰ ৰাইজে চৰকাৰৰ চৰম অৱহেলাৰ বাবে বিপদসংকুলভাবে যাতায়ত কৰিবলগীয়া হৈছে ৷ পাহাৰীয়া খৰস্ৰোতা জৰাসৰ নদীখনৰ বাঢ়নি পানীয়ে মোলানগাঁও-ৰঙাপৰা সংযোগী পথত থকা একমাত্ৰ কাঠৰ দলংখন উটুৱাই নিয়াৰ পাচৰে পৰা বৰ্তমানলৈ চাৰিখন গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে যাতায়তৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে ৷

ৰঙাপৰাত বিপদসংকুল যাতায়ত

চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে ৰাইজে যাতায়তৰ সুবিধাৰ্থে প্ৰত্যেক বছৰে খৰালিত গাঁঠিৰ ধন ভাঙি আৰু শ্ৰমদান কৰি বাঁহৰ দলং নিৰ্মাণ কৰি লয় যদিও বাৰিষাত নদীখনৰ বাঢ়নী পানীয়ে বাঁহৰ দলংখন উটুৱাই নিয়ে । তদুপৰি নদীখনৰ ওপৰেদি বাঁহৰ দলঙখনেৰে যাতায়ত কৰাটো অতি বিপদসংকুল ৷ জৰাসৰ নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় জনপ্ৰতিনিধিক গাঁওখনৰ ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো জনপ্ৰতিনিধিগৰাকীয়ে নিষ্কিয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷

Intro:দুৰ্দশাৰ অন্ত নপৰিল ৰঙাপৰাৰ মোলানগাঁওবাসী ৰাইজৰঃ জৰাসৰ নদীৰ ওপৰত আজিও নহল পকী দলঃ বাঁহৰ দলঙৰ ওপৰেদি যাতায়তBody:ৰঙাপৰাঃ কেতিয়া অন্ত পৰিব ৰঙাপৰাৰ মোলানগাঁওবাসী ৰাইজৰ দুখ-দুৰ্দশা। জৰাসৰ নদীখনৰ ওপৰত চৰকাৰে এখন পকী দলং নিৰ্মাণ নকৰাৰ বাবেই চাৰিখনকৈ গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে। শোনিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা উদমাৰী গাঁও পঞ্চায়তৰ অধীনৰ মোলানগাঁৱৰ ৰাইজৰ আজিও উন্নয়ন নহল। জনপ্ৰতিনিধি সকলৰ চৰম অৱহেলাৰ বাবেই গাঁৱৰ ৰাইজে আজিও উন্নয়নৰ মুখ দেখা নোপোৱাৰ অভিযোগ উঠিছে। গাঁওখনৰ বাট-পথকে ধৰি নদীখনৰ ওপৰত দলংখন আদি কোনো উন্নয়ন নঘটিল।তাৰোপৰি আন আন চৰকাৰী সা-সুবিধাৰ পৰাও গাঁওখনৰ ৰাইজ বঞ্চিত হৈ আহিছে।উল্লেখ যে, পাহাৰীয়া খৰস্ৰোতা জৰাসৰ নদীখনৰ বাঢ়নি পানীয়ে মোলানগাঁও-ৰঙাপৰা সংযোগী পথচোৱাত থকা একমাত্ৰ কাঠৰ দলংখন উটুৱাই নিয়াৰ পিছৰে পৰা আজিলৈকে চাৰিখন গাঁৱৰ ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে চৰম যন্ত্ৰণা ভুগি অহা-যোৱা কৰি আহিছে। মন কৰিবলগীয়া এই যে গঞা ৰাইজে যাতায়তৰ পৰ্যাপ্ত সুবিধাৰ্থে প্ৰত্যেক বছৰে খৰালি কালত গাঠিৰ ধন ভাঙি আৰু শ্ৰমদান কৰি বাঁহৰ দলং নিৰ্মাণ কৰি লয় যদিও বাৰিষাত নদীখনৰ বাঢ়নী পানীয়ে বাঁহৰ দলংখন বাৰেপতি উটুৱাই নিয়ে। উপায় বিহীন ৰাইজে সাজি লোৱা বাঁহৰ দলঙৰ ওপৰেদি ৰাইজ আৰু ছাত্র-ছাত্ৰী সকলে বিপদ সংকূল ভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে। স্থানীয় জনপ্ৰতিনিধি সকলক গাঁওখনৰ ৰাইজে জৰাসৰ নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো ৰাইজৰ সমস্যাটি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে। সেয়েহে মোলানগাঁওবাসী গাঁৱৰ ৰাইজৰ কেতিয়া দুখ-দুৰ্দশা অন্ত পৰিব, তাকে এক প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.