ETV Bharat / state

পকী দলং নাপালে ভোট নিদিয়ে ৰঙাপৰাৰ অসম-অৰুণাচল সীমান্তবাসীয়ে

author img

By

Published : Dec 17, 2020, 9:07 PM IST

ডিপোটা নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবী কেইবাখনো গাঁৱৰ ৰাইজৰ ৷ দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে আজিও নৈখনৰ ওপৰেদি বছৰৰ পিছত বছৰ ধৰি বিপদ সংকুলভাৱে যাতায়ত কৰি আহিবলগীয়া হৈছে ।

assam arunachal border
assam arunachal border

ৰঙাপৰা, 17 ডিচেম্বৰ : বিজেপি চৰকাৰে বিকাশ আৰু উন্নয়নৰ জয়ঢোল কোবাই থকাৰ মাজতে আজিও এনে কিছু অঞ্চল আছে যিবোৰ উন্নয়নে লেশ মাত্ৰও ঢুকি পোৱা নাই ৷ তেনে অঞ্চল আছে ৰঙাপৰাৰ অসম-অৰুণাচল সীমান্তত ৷ আজিও একাংশ ৰাইজে ডিপোটা নৈৰ পানী গছকি যাতায়ত কৰিবলগীয়া হৈছে । যাতায়তৰ ক্ষেত্ৰত নাই সুব্যৱস্থা । অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে আজিও নৈখনৰ ওপৰেদি বছৰৰ পিছত বছৰ ধৰি বিপদ সংকুলভাৱে যাতায়ত কৰি আহিবলগীয়া হৈছে ।

assam arunachal border
অসম-অৰুণাচল সীমান্ত

অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ দুৰ্গম ঠাইত বসবাস কৰি থকা প্ৰায় ১০ খনৰো অধিক গাঁৱৰ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিগত কেইবাবছৰ ধৰি যাতায়তৰ নামত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ডিপোটা নৈৰ ওপৰত দলঙৰ সুব্যৱস্থা নথকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে বহু কষ্টৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে ।

assam arunachal border
বিপদ সংকুল যাত্ৰা

খৰালিকালত নৈখনৰ পানী শুকাই থকাৰ বাবে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকল বিশেষ অসুবিধাৰ সন্মুখীন নহয় যদিও ভৰ বাৰিষাৰ সময়ত ফেনে-ফোটোকাৰে বাঢ়ি অহা নদীখনৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হয় ৷ দলঙৰ সুবিধা নথকা বাবেই গাঁও কেইখনলৈ নাযায় ১০৮ এম্বুলেন্স সেৱা ৷ ভৰ বাৰিষাত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা । আনকি নৈখনৰ বাঢ়নী পানীত পৰি ইতিমধ্যে কেইবাজনে লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

assam arunachal border
দীৰ্ঘদিনে নাই দলং

উল্লেখ্য যে ১ ৰ পৰা ৬ নং দীপাঞ্জলী গাঁও, দয়ালপুৰ, দয়ালপুৰ গাঁও, জয়পুৰ, বালিটিকা, সিং গাঁও, আকাবস্তি, গৌজাংপুৰ, বালাপাৰা, মইনাজুলি, উত্তৰ কাটাবাৰী আদি গাঁৱৰ ৰাইজে আজিও ডিপোটা নদীৰ পানী গছকি অহা যোৱা কৰিবলগীয়া হয় ৷ ইফালে উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ৰঙাপৰা নাইবা বালিপৰালৈ নৈখনৰ ওপৰেৰে পাৰ হ’বলগীয়া হয় ।

পকী দলং নাপালে ভোট নিদিয়ে অসম-অৰুণাচল সীমান্তৰ ৰাইজে

নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়াৰ লগতে বাট-পথৰ সুব্যৱস্থা কৰি দিয়াৰ কেৱল প্ৰতিশ্ৰুতি দি অহিছে ৷ কিন্তু আজিলৈকে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাৰ অভিযোগ তোলে স্থানীয় ৰাইজে । আগন্তুক বিধানসভা নিৰ্বাচনত ডিপোটা নদীৰ ওপৰত যাতায়তৰ ক্ষেত্ৰত এখন পকী দলং নিৰ্মাণৰ লিখিত প্ৰতিশ্ৰুতি নিদিলে উক্ত গাঁও কেইখনৰ ৰাইজে নিৰ্বাচনৰ সময়ত ভোট প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ‌ বিজেপিত যোগদানৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.