তেজপুৰ, 15 আগষ্ট : আজি স্বাধীনতা দিৱস ৷ দেশজুৰি 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ উলহ মালহৰ মাজতে আজিৰ দিনটোত দেশৰ কেইবাখনো ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷
মঙলবাৰে তেজপুৰৰ শালনিবাৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । শালনিবাৰী আৰক্ষী চকীৰ অধীনত সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুখন স্কুটীয়ে অভাৰটেক কৰি পাৰ হ’বলৈ লওঁতেই এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষত পতিত হয় ৷
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, এই দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্য হয় ৷ মৃত যুৱকজনৰ নাম অৰুণ বাছফৰ বুলি জানিব পৰা গৈছে ৷ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷ অৰুণ তেজপুৰ হৰিজন কলনীৰ বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ১৫ আগষ্টৰ উপলক্ষে অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ পৰা পিকনিক খাই ঘূৰি আহি এখন স্কুটীৰ আৰোহীয়ে একেদিশৰে আহি থকা এখন স্কুটীক তীব্র বেগেৰে অতিক্ৰম কৰিব লওঁতেই প্ৰথমে আনখন স্কুটীক খুন্দা মাৰি তাৰ পিচত তেজপুৰ দিশৰ পৰা বালিপাৰা দিশে গৈ থকা এখন ট্ৰাকত গৈ খুন্দা মাৰে ৷
স্কুটীখনত থকা তেজপুৰ চহৰৰ হৰিজন কলনীৰ যুৱকজনৰ লগতে লগত থকা এজন যুৱক গুৰুতৰভাৱে আহত হয় । লগতে আনখন স্কুটীত থকা মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত হয় ।
প্ৰথমাৱস্থাত আহত লোককেইজনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ যদিও এজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত তেজপুৰ বাপ্টিষ্ট খ্ৰীষ্টিয়ান মিছনেৰী হাস্পতালত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । নিচাসক্ত হৈ তীব্ৰ বেগত বাহন চলোৱাৰ কাৰণে এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে ৷
উল্লেখযোগ্য যে, এনে বন্ধ আৰু যিকোনো উৎসৱত তেজপুৰ তথা জিলাখনৰ অন্য স্থানৰ পৰা একাংশ লোক ভালুকপুঙলৈ বনভোজৰ উপলক্ষে যায় । কিন্তু বনভোজ বা আনন্দ উল্লাসৰ নামত নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত এনে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে।
লগতে পঢ়ক: Gutkha shop sealed: বৰপেটাৰোডত গুটখাৰ দোকান ছীল এছ টি এফৰ