ETV Bharat / state

নিৰুদ্দেশৰ তৃতীয় দিনাও সন্ধান নাই AN 32 বিমানৰ - EtvBharatAssam

সোমবাৰে যোৰহাট বায়ু সেনা ছাউনীৰ পৰা উৰা মৰা বায়ু সেনাৰ AN 32 বিমানখন নিৰুদ্দিষ্ট হোৱা তৃতীয় দিনাও পোৱা নাই কোনো শুংসূত্ৰ ৷ নিৰুদ্দিষ্ট বিমানখনৰ সন্ধানত বায়ুসেনাকে ধৰি স্থলসেনা আৰু নৌসেনাৰ লগতে অৰুণাচলৰ আৰক্ষী আৰু আইটিবিপি বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

AN 32 বিমান
author img

By

Published : Jun 5, 2019, 11:16 PM IST

তেজপুৰ, 5 জুনঃ সোমবাৰৰ পৰাই নিখোজ হৈ থকা বায়ুসেনাৰ AN 32 বিমানৰ উদ্ধাৰ অভিযান আজিলৈকে অব্যাহত আছে ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে ইছৰোৰ উপগ্ৰহকে ধৰি সশস্ত্ৰ বাহিনীৰ এটাৰ ওপৰত আনটো উন্নত প্ৰযুক্তিসম্পন্ন সা-সৰঞ্জাম ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে বায়ুসেনাৰ ছুখই, চুপাৰ হাৰকিউলিছ, নৌসেনাৰ P8l, স্থলসেনাৰ হেলিকপ্টাৰকে ধৰি ইছৰোৰ ক্ৰিছাট আৰু ৰিছাট উপগ্ৰহ ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ জনসম্পৰ্কী বিষয়া তথা মেঘালয়স্থিত বায়ু সেনা ছাউনীৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশাৰ ভাগত উদ্ধাৰ অভিযান অব্যাহত থাকিব আৰু অভিযানত অংশ ল'ব ছুখই বিমানে ৷

  • Search by IAF and Indian Army helicopters was adversely affected by weather during the day today. However, supported by #IndianArmy, #IndianNavy, Police and State Administration the search efforts by ground teams and airborne sensors will continue through the night. 2/2

    — Indian Air Force (@IAF_MCC) June 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অধিক পঢ়কঃ AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8L বিমান ব্যৱহাৰ

বিমানখন নিৰুদ্দিষ্ট হোৱাৰ পিচতেই Etv Bharatৰ হৈ আমি উপস্থিত হৈছিলো বায়ু সেনা মেডেল প্ৰাপক তথা ভাৰতীয় বায়ু সেনাৰ প্ৰথম শাৰীৰ পাইলট গ্ৰুপ কেপ্টেইন মহন্টো পাংগিনৰ ওচৰত ৷ আমাৰ সৈতে হোৱা বাৰ্তালাপত পাংগিনে এক গুৰুতৰ তথ্য প্ৰকাশ কৰি কয় যে, নিৰুদ্দিষ্ট AN 32 বিমানখনত নাছিল ELT অৰ্থাৎ Electro Light Trasmitter যিটো ট্ৰান্সমিটাৰ পাহাৰীয়া দূৰ্গম অঞ্চলত উৰণৰ সময়ত অতিকে প্ৰয়োজনীয় ৷

EtvBharatAssam
গ্ৰুপ কেপ্টেইন মহন্টো পাংগিন, বায়ুসেনা মেডেল

ভাৰতীয় বায়ু সেনাত 1984 চনত সংযোজিত হৈছিল ইউক্ৰেইন আৰু ৰাছিয়াৰ যুটীয়া সহযোগিতাত নিৰ্মিত AN 32 সামৰিক পৰিবাহী বিমানখন ৷ বৰ্তমানে ভাৰতীয় বায়ু সেনাৰ হাতত এনেকুৱা প্ৰায় 104খন বিমান মজুত আছে আৰু ইয়াৰে প্ৰায় 46খন বিমানে উন্নতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ৷ যোৰহাটৰ পৰা উৰা মৰা বিমানখন উন্নীত কৰা হোৱা নাছিল আৰু বিমানখনত নাছিল কোনোধৰণৰ ELT প্ৰযুক্তি ৷

উল্লেখ্য যে, ২০০৯ চনৰ ৯ জুনত মেচুকাৰ পৰা যোৰহাট অভিমুখী এখন AN 32 দূৰ্ঘটনাত পতিত হৈছিল ৷ উক্ত দূৰ্ঘটনাত ১৩ জন বায়ু সেনাই প্ৰান হেৰুওৱাৰ লগতে ঘটনাৰ ছয়দিন পিচত উদ্ধাৰ হৈছিল বিমানখনৰ ভগ্নাৱশেষ ৷ ইয়াৰ উপৰিও 2015 চনত এখন আৰু 2016 চনৰ 22 জুলাইত আন এখন AN 32 নিৰুদ্দিষ্ট হৈছিল যাৰ আজিলৈকে কোনো সন্ধান পোৱা নগ'ল ৷

৩য় দিনাও  কোনো সম্ভেদ নাই মেচুকাত  নিৰুদ্দেশ এন্টনোভ AN-32 ৰ লগতে ১৩ গৰাকী আৰোহীৰ 

তেজপুৰ,০৫ জুন : অৰুনাচল  প্ৰদেশত আছেনেকি বাৰ্মুদা ট্ৰেঙ্গলৰ দৰে বিশেষ আকৰ্ষন কৰিব পৰা যন্ট্ৰ  ৷কাৰন সঘনাই দুৰ্ঘটনাত পতিত হয় বিভিন্ন বায়ুসেনাৰ জাহাজ ৷সাৰিযোৱা নাই  যুযাৰু বিমান অত্যাধুনিক প্ৰযুক্তিৰ SU-30 MKI ও ৷ কিন্ত এই বিষয়ে চলা নাই কোনো গৱেষনা ৷নিৰৱ কেন্দ্ৰীয় চৰকাৰ ,তথা প্ৰতিৰক্ষা বিভাগ ,বা কেতিয়াও চৰ্চিত হোৱানাই এই বিষয়ে সংসদৰ মজিয়াত ৷ সেয়ে হয়তো সঘনাই দুৰ্ঘটনাগ্ৰষ্ট হব লগাত পৰে বায়ু সেনাৰ বিমান ( !)

ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ মঙ্গলবাৰে  দুপৰীয়া ১ বজাত তামিলনাডুৰ পৰা অহা অত্যাধুনিক পি ৮( P8 i)চেণ্চৰৰ সৈতে উপলব্ধ বিমান খনে আজি পুনৰ  সমাপ্ত কৰিছে ৷ আৰু বৰ্তমান চুখয় SU-30 জাহাজৰে নিশাৰ অভিযান অব্যাহত ৰাখিছে, এই বাতৰি যুগুতৰ সময়লৈকে ৷ কিন্ত কোনো ধ্বংসাবেশৰ তথ্য এই মুহুৰ্তলৈকে আহৰন কৰা নাই  ৷ এই তথ্য সদৰী কৰিছে প্ৰতিৰক্ষ্যা মন্ত্ৰনালয়ৰ জনসম্পৰ্কী বিষয়া মেঘালয় স্থিত বায়ু সেনা চাউনীৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিংয়ে ৷

 এই বয়ইঙ ভাৰতৰ P8 i ভেৰাইন্ট উন্নত মানৰ সজুলি  বিষেশকৈ চাবমেৰিন অপাৰেচনত ব্যৱহাৰ কৰা সজুলিৰে  অৰুনাচললত সম্পূৰ্ন বৈদেশিক সা-সজুলিৰে পৰিপূৰ্ন এই বিমানে অপাৰেচন চলাই  যোৰহাট আৰু মেচুকাৰ মাজত যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈকে ৷ 

আনহাতে তেজপুৰ বায়ু সেনা চাউনীৰ পৰা চুখয় SU-30 বিমানে বৰ্তমান অভিযান আৰম্ভ কৰিছে ৷ 

উল্লেখযোগ্য যে অৰুনাচল প্ৰদেশত এন্টনোভ AN-32 বিমানৰ দ্বিতীয়তো দুৰ্ঘটনা ৷পূৰ্বে ২০০৯ চনৰ ৯ জুন ত মেচুকাৰ পৰা যোৰহাট অভিমুখি একেই জাহাজত ১৩ জন বায়ু সেনা বাহিনীৰ লোকে প্ৰান হেৰুৱাইছিল ৷ কিন্ত সেই ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে ৬ দিন সময় লাগিছিল ৷ কিন্ত কিয় এনে হয় ? অৰুনাচল প্ৰদেশত ইয়াৰ আগতেও বহুতো বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো যথেষ্ট সময় লাগে উদ্ধাৰ কাৰ্য্যত  কাৰন সঘনাই পৰিবৰ্তন বতৰ আৰু দুৰ্গম পাহাৰ ৷
এই সকলো বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে বায়ু সেনাৰ প্ৰক্তন গ্ৰুপ কেপ্তেন বায়ু সেনা মেডেল পাপক তথা ভাৰতীয় বায়ু সেনাৰ প্ৰথম শাৰীৰ পাইলট মহন্টো পাংগিনে ৷ তেওঁ অভিযোগ কৰিছে যে বায়ু সেনাৰ বিমান সমুহত ELT Electro Light Trasmitter কিয় ব্যৱহাৰ কৰা হোৱা নাই , যিটো অতি প্ৰয়োজনীয় ,ইটিভি ভাৰত অসমৰ লগত হোৱা টেলিফোনিক বাৰ্তাত তেওঁ কয় যে ," এই বিষয়ে মই বিভিন্ন সময়ত উল্লেখ কৰি আহিছো , এই ট্ৰেণ্চমিটাৰ থাকিলে যদি কোনো জাহাজ দুৰ্ঘটনাত পতিত হয় তেনেহলে সেই ঠাইৰ পৰা সংকেট লাভ কৰে তাৎক্ষনিক ভাবে ৷

বিশেষকৈ বায়ুসেনাৰ ট্ৰেনচপৰত বিমান ,হেলিকপ্তাৰ আৰু  ফাইটাৰ যুযাৰু বিমানত অতিকৈ প্ৰয়োজন বুলি তেওঁ অভিযোগ কৰে ৷
উল্লেখযোগ্য সে ২০১৫ চনত একেই AN-32 নিৰুদ্দেশ হৈছিল আৰু ১৯৮৬ চনৰ নিৰুদিষ্টি জাহাজ আজিও সন্ধানহীন ৷
ইউক্ৰেন আৰু ৰাছিয়া সংযোক্ত এই বিমান ১৯৮৪ চনৰ পৰা প্ৰতিকূল বতৰকো প্ৰতিহিত কৰিব পৰাকৈ সেৱা আগবঢ়াই আহিছে ৷

প্ৰণৱ কুমাৰ দাস , 
ইটিভি,ভাৰত অসম, তেজপুৰ ৷
৫/৬/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.