ৰঙাপৰা,10 নৱেম্বৰ: ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত এখন গাঁও ৷ গাঁওখনৰ ৰাইজে আজিও সেৱন কৰে নিজৰাৰ পানী ৷ এটুপি বিশুদ্ধ খোৱা পানীৰ পৰাও বঞ্চিত হৈ আহিছে গাঁওখনৰ ৰাইজে ৷ পৰিবৰ্তকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উন্নয়নৰ ঢাক ঢোল বজাই আহিছে যদিও বিধায়ক বিহীন ৰঙাপৰা সমষ্টিৰ এটি অঞ্চলৰ ৰাইজে আজিও উন্নয়নৰ মুখ দেখা নাপালে।
ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ কদমতলী গাঁৱত প্ৰায় ৪০ টাৰো অধিক পৰিয়ালে বসবাস কৰি আছে । তাৰে একাংশ ৰাইজে সেৱন কৰিবলগীয়া হৈছে নিজৰাৰ পানী । অঞ্চলটোত পৰ্যাপ্ত খোৱা পানীৰ সুবিধা নথকাৰ বাবেই একাংশ ৰাইজে খোৱা পানীৰ নামত গাঁওখনৰ কাষেৰে বৈ যোৱা পাহিজুৰি নদীৰ পাৰত থকা এটি নিজৰাৰ পানী সংগ্ৰহ কৰি খাবলগীয়া হৈছে।

বছৰৰ পাছত বছৰ ধৰি স্থানীয় একাংশ মহিলাই নদীৰ পাৰত থকা নিজৰাৰ পৰা পানী সংগ্ৰহ কৰা দৃশ্যই বিকশিত অসমৰ নগ্ন স্বৰূপটো উদঙাই দিছে ৷ ৰঙাপৰাৰ ২ নং ৱাৰ্ডৰ ৰাইজে আজিও আদিম মানুহৰ দৰে নিজৰাৰ পানী সেৱন কৰিবলগীয়া হোৱাৰ পাছতো কিন্তু চৰকাৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নকৰিলে। যুগ যুগ ধৰি অঞ্চলটোৰ একাংশ ৰাইজে নিজৰাৰ পানী সেৱন কৰি অহাৰ পাছতো কদমতলী গাঁৱৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ জনপ্ৰতিনিধি আৰু ৱাৰ্ড সদস্য সুনিল ঘোষে ৰাইজক দিয়া প্ৰতিশ্ৰুতি বিগত পাঁচটা বছৰে সমাধান কৰাত ব্যৰ্থ হ’ল । ক্ষুব্ধ ৰাইজে চৰকাৰখনক ধিক্কাৰ দিয়াৰ লগতে আগন্তক পৌৰসভা আৰু বিধানসভা নিৰ্বাচনত ভোট নিদিয়াৰ সংকল্প গ্ৰহন কৰিছে।
লগতে পঢ়ক: মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা