ETV Bharat / state

বাণ থিয়েটাৰৰ মজিয়াত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দলৰ

author img

By

Published : Aug 25, 2020, 1:43 PM IST

তেজপুৰৰ বাণ থিয়েটাৰত মঙলবাৰে আত্মপ্ৰকাশ কৰিব এটি নতুন আঞ্চলিক ৰাজনৈতিক দলে । সেয়ে মঙলবাৰৰ পুৱা প্ৰায় 11 বজাৰ পৰা বাণ থিয়েটাৰত আৰম্ভ হৈছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামৰ দলটোৰ এক সাংগঠনিক সভা ৷ দলটোৱে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি অৱদান আগবঢ়াই সেয়া সময়ত লক্ষণীয় হ’ব ৷

New political party form in ban theatre tezpur assam etv bharat news
বাণ থিয়েটাৰৰ মজিয়াত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দলৰ

তেজপুৰ,25 আগষ্ট: সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে ব্যস্ততা বাঢ়িছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ ৷ সমান্তৰালকৈ ঢৌ উঠিছে ৰাজনীতিৰ পথাৰত ন ন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশৰ ৷ ৰাজ্যত বৰ্তমান শাসনাধিষ্ঠ বিজেপি দলৰ একপ্ৰকাৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধাচৰণৰ অৰ্থে লগতে সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ গঠন কৰা হৈছে বিভিন্ন ৰাজনৈতিক দল ৷ একে উদ্দেশ্য আগত ৰাখিয়ে ইতিহাস প্ৰসিদ্ধ তেজপুৰৰ বাণ থিয়েটাৰত মঙলবাৰে আত্মপ্ৰকাশ কৰিব এটি নতুন আঞ্চলিক ৰাজনৈতিক দলে । সেয়ে মঙলবাৰৰ পুৱা প্ৰায় 11 বজাৰ পৰা বাণ থিয়েটাৰত আৰম্ভ হৈছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামৰ দলটোৰ এক সাংগঠনিক সভা ।

শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰিছে বিশিষ্ট অধিবক্তা তথা মঞ্চৰ সভাপতি অৰূপ বৰবৰাই ৷ প্ৰথমলানি সভাৰ অন্তত বিয়লিৰ ভাগত এই মঞ্চৰ তৰফৰ পৰা আত্মপ্ৰকাশ ঘটিব এটা নতুন আঞ্চলিক দলৰ । বিশিষ্ট সাহিত্যিক-সমালোচক তথা এই দলৰ মুখ্য উপদেষ্টা ডঃ নগেন শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা, অভিনেত্ৰী জেৰিফা ৱাহিদ, শিল্পী অলক নাথ আদি ৷ দলটোৱে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি অৱদান আগবঢ়াই সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওকঃ ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.