ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া মুভমেন্ট ৰাণ ২০২২ - Major Dhyan Chand Award

তেজপুৰ বিশ্ববিদ্যালয়ে সোমবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (National Sports Day observed by Tezpur University) আৰু হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্মজয়ন্তী উপলক্ষে 'ফিট ইণ্ডিয়া মুভমেন্ট ৰাণ ২০২২'ৰ (Fit India movement run 2022) আয়োজন কৰে ।

Tezpur
Tezpur
author img

By

Published : Aug 29, 2022, 9:34 PM IST

তেজপুৰ, ২৯ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ে সোমবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (National Sports Day observed by Tezpur University) আৰু হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্মজয়ন্তী উপলক্ষে 'ফিট ইণ্ডিয়া মুভমেন্ট ৰাণ ২০২২'ৰ (Fit India movement run 2022) আয়োজন কৰে ।

এই উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ কমিউনিটি হলত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় অক অনুষ্ঠান (Fit India movement run at Tezpur University) । উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভি কে জৈনে হকী কিংবদন্তিগৰাকীক পুষ্পাঞ্জলি জ্ঞাপন কৰে । ব্যৱস্থাপনা বিজ্ঞানৰ বিদ্যালয়ৰ ডীন আৰু ছাত্ৰ কল্যাণৰ (ভাৰপ্ৰাপ্ত) ডীন অধ্যাপক পাপৰি বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে ।

উদ্বোধনী ভাষণ প্ৰদান কৰে উপাচাৰ্য অধ্যাপক ভি কে জৈনে । অধ্যাপক জৈনে সুস্থ শৰীৰৰ লাভালাভৰ বিষয়ে বক্তব্য ৰাখি বৰ্ণনা কৰে যে কেনেকৈ এটা স্বাস্থ্যৱান শৰীৰে ৰোগবোৰ দূৰৈত ৰাখে । তেওঁ লগতে তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিক প্ৰশংসা কৰে, যাক শিক্ষাৰ্থী আৰু অন্যান্য চৌহদৰ বাসিন্দাসকলে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰে ।

তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ ২০২২
তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া মুভমেন্ট ৰাণ ২০২২

অধ্যাপক জৈনে শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া মুভমেন্ট ৰাণ ২০২২ ত শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী, শিশু আৰু অন্যান্য চৌহদৰ বাসিন্দাসকলে উৎসাহেৰে অংশ গ্ৰহণ কৰে । পুৰস্কাৰ বিতৰণৰ সৈতে সমাপ্ত হোৱা অনুষ্ঠানত বিজয়ীসকলক ছটা শ্ৰেণীত পুৰস্কৃত কৰা হয় । সেইকেইটা হৈছে শিশু (পুৰুষ/মহিলা), শিক্ষাৰ্থী (পুৰুষ/মহিলা), অনুষদ/কৰ্মচাৰী/অন্যান্য চৌহদৰ বাসিন্দা (পুৰুষ/মহিলা) ।

উল্লেখ্য, প্ৰতিবছৰে ২৯ আগষ্ট, হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্মজয়ন্তীৰ দিনটোত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয় (National Sports Day in India) । ২০১২ চনৰ পৰা এই দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাবে উদযাপন কৰি অহা হৈছে । ১৯২৮, ১৯৩২ আৰু ১৯৩৬ বৰ্ষত ভাৰতৰ হৈ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা হকী খেলুৱৈ মেজৰ ধ্যান চান্দ সিঙৰ জন্মদিনটোক স্মৰণৰ বাবেই এই দিৱস উদযাপন কৰা হয় (Birth anniversary of Major Dhyan Chand) ।

উল্লেখ্য, তেওঁৰ আত্মজীৱনী 'গ'ল' অনুসৰি ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁৰ কেৰিয়াৰত মুঠ ৫৭০ টা গ'ল কৰিছিল । আন্তৰ্জাতিক হকী ক্ষেত্ৰত নিজৰ স্থান সুদৃঢ় কৰাৰ পিছত তেওঁ দেশক একাধিকবাৰ গৌৰৱৰ শিখৰত উপনীত কৰাইছিল । তেওঁ ভাৰতীয় আৰু বিশ্ব হকীৰ এজন কিংবদন্তি ব্যক্তি আছিল । তেওঁৰ নামত উছৰ্গিত আটাইতকৈ প্ৰসিদ্ধ স্মাৰক হৈছে ভাৰতৰ ক্ৰীড়া আৰু খেলত আগবঢ়োৱা জীৱনজোৰা কৃতিত্বৰ বাবে সৰ্বোচ্চ বঁটা মেজৰ ধ্যান চান্দ বঁটা (Major Dhyan Chand Award) আৰু তেওঁৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন ।

উল্লেখ্য, মেজৰ ধ্যান চান্দে তেওঁৰ প্ৰশিক্ষক পংকজ গুপ্তাৰ পৰা হকী খেল শিকিছিল । হকীত তেওঁৰ স্তৰত উপনীত হোৱা বৰ্তমানলৈকে কোনো নাই । এইগৰাকী হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৯ আগষ্টত ।

লগতে পঢ়ক :পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.