ETV Bharat / state

বৰদিকৰাই নদীৰ গৰাখহনীয়াৰ বুজ লয় বিধায়ক পদ্ম হাজৰিকাই - MLA Padma Hazarika

বৰদিকৰাই নদীয়ে বিপদ মাতিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বনভোজস্থলী নামেৰী-বৰদিকৰাই ঘাটত ৷ ফেনে-ফুটুকাৰে বাঢ়ি বৰদিকৰাই নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলস্বৰূপে চপৰা-চপৰে খহিছে নৈৰ গৰা ৷ গৰাখহনীয়াৰ বুজ ল’বলৈ নৈৰ পাৰত বিষয়া-কৰ্মচাৰীসকলৰ সৈতে উপস্থিত হয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷

বৰদিকৰাই নদীৰ গৰাখহনীয়াৰ বুজ লয় বিধায়ক পদ্ম হাজৰিকাই

author img

By

Published : May 26, 2020, 6:21 PM IST

চতিয়া, 26 মে’: অৰুণাচলৰ সুউচ্চ পাহাৰৰপৰা বৈ অহা বৰদিকৰাই নদীয়ে বাৰিষাৰ পূৰ্বেই চপৰা-চপৰে খহাইছে নৈৰ গৰা ৷ অস্তিত্বৰ সংকটত পৰিছে চতিয়াৰ বৰদিকৰাই নদীৰ গাঁতে লাগি থকা তথা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বনভোজস্থলী নামেৰী-বৰদিকৰাই ঘাট ৷ মঙলবাৰে গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ বিষয়া-কৰ্মচাৰীসকলক লৈ উপস্থিত হয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷

বৰদিকৰাই নদীৰ গৰাখহনীয়াৰ বুজ লয় বিধায়ক পদ্ম হাজৰিকাই

উল্লেখ্য যে, গৰাখহনীয়াৰ ফলত 15 খনৰো অধিক গাঁও সংকটত পৰিছে বুলি জানিব পৰা গৈছে ৷ অতি শীঘ্ৰেই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে কৰ্মচাৰীসকলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ত হ'ব কোৱাৰেন্টাইন চেন্টাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.