তেজপুৰ, 21 জুন: মঙলবাৰে প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৷ খচৰা প্ৰকাশ পোৱাৰ পাচতেই বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে সাধাৰণ ৰাইজেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে ৷
বুধবাৰে তেজপুৰত যোগ দিৱসত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াই বিজেপিক একো ক্ষতি নকৰে ৷ বিধানসভা সমষ্টিৰ সংখ্যা একেই থাকিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘ যিহেতু বিধায়কসকলৰ সমষ্টিয়েই তেওঁলোকৰ পৰিচয় যদিও সেই বিষয়টোক লৈ বিজেপি চিন্তিত নহয় ৷’’ মন্ত্ৰীগৰাকীৰ মতে অসমৰ ৰাইজৰ অন্তৰত আছে বিজেপি ৷
মন্ত্ৰী দাসে লগতে কয় যে 2026ত সমগ্ৰ দেশৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হ’ব তেতিয়া এই প্ৰক্ৰিয়া অসমত পুনৰ হ’ব ৷ ইয়াৰ ফলতো বিধায়কসকলৰ কোনো ক্ষতি নহয় ৷ সমষ্টিৰ নাম কি হ’ব সেয়া কোনো ডাঙৰ কথা নহয় বুলিও তেওঁ উল্লেখ কৰে ৷
নিৰ্বাচন আয়োগে গ্ৰহণ কৰা এই সিদ্ধান্তই কাৰো ক্ষতি নকৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সমষ্টি কোনো কাৰণ হ’ব নোৱাৰে ৷ যিকোনো সমষ্টিতেই প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে ৷
উল্লেখ্য যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দলেই বিজেপিয়ে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন কাৰচাজিৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷ আনহাতে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি নিৰ্বাচন আয়োগলৈ বিৰোধী ঐক্যই প্ৰেৰণ কৰিছল স্মাৰক পত্ৰ ৷ সেয়ে এই সমষ্টি পুনৰ নিৰ্ধাৰণত সন্তুষ্ট নহয় বিৰোধী দলসমূহ ৷