ETV Bharat / state

ৰাজনীতিকৰ পৰামৰ্শ অনুসৰি ভাল শিক্ষক বাচনি কৰা হয় : মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Jun 12, 2022, 7:16 PM IST

কিদৰে, কাৰ হস্তক্ষেপত বাচনি কৰা হয় শিক্ষক দিৱসত সম্বৰ্ধিত শিক্ষকক ? এই প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি ৰাজনৈতিভাৱে শক্তিশালী লোকৰ দ্বাৰাহে নিৰ্বাচিত কৰা হয় কৃতী শিক্ষকক (Teacher award on Techers day)৷

Teacher award on Techers day
পলিটিচিয়ানৰ পৰামৰ্শ অনুসৰি ভাল শিক্ষক বাচনি কৰা হয়: মন্ত্ৰী পিযুষ হাজৰিকা

তেজপুৰ, ১২ জুন: ৰাজনীতিকৰ হস্তক্ষেপতহে ভাল শিক্ষক বাচনি কৰা হয় ৷ ৰাজনৈতিভাৱে শক্তিশালী লোকৰ লগত ভাল সম্পৰ্ক থাকিলে সম্বৰ্ধিত হয় শিক্ষক দিৱসত (Teacher award on Techers day)৷ দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ এক মন্তব্যত স্থান পালে এই বিষয়টোৱে ৷

5 আগষ্টত গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তী(Lok kalyan divas) উপলক্ষে প্ৰতিখন জিলাৰ তিনিজনকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বাচনি কৰি পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে ৷ কোনো ধৰণৰ দুৰ্নীতিৰ লগত জড়িত নথকাৰ লগতে দক্ষতা সম্পন্ন তিনিজন কৰ্মচাৰীক বাচনি কৰা হ’ব ৷ এই সিদ্ধান্তৰ বিষয়ে শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

এই প্ৰসংগত মন্তব্য আগবঢ়াবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই ঘটালে বিস্ফোৰণ ৷ মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, সাধাৰণতে ৰাজনৈতিকভাৱে ক্ষমতাশালী লোকৰ বাচনি অনুসৰিহে শিক্ষক দিৱসত বিশেষ শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ৷ অৰ্থাৎ কৃতী শিক্ষকক বাচনি প্ৰক্ৰিয়াত ৰাজনীতিকৰ হাত থকাৰ কথা প্ৰকাশ পালে খোদ মন্ত্ৰীৰ ভাষ্যত (Pijush Hazarika on Teachers award)৷

5 আগষ্টত সম্বৰ্ধিত হোৱাৰ বাবে নিৰ্বাচিত হ’বলগীয়া কৰ্মচাৰীৰ ক্ষেত্ৰত যাতে ৰাজনীতিকৰ হাত নপৰে, সেই ক্ষেত্ৰত আলোচনা কৰা বুলিও জনায় মন্ত্ৰী পীযুষ হাজৰিকাই ৷ ৰাজনৈতিক হস্তক্ষেপ নথকা ব্যক্তিহে যাতে নিৰ্বাচিত হয়, তাৰ আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.