তেজপুৰ, 26 মাৰ্চ : দেওবাৰে শোণিতপুৰ জিলাৰ পুঠিমাৰীত 435 গৰাকী মহিলা সদস্যৰে গঠিত জয়মতী কৃষক উৎপাদক কোম্পানীৰ কাম কাজ পৰিদৰ্শন কৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই । উদ্যমী মহিলা কৃষকসকলে শোণিতপুৰ জিলা কৃষি বিভাগ, এপাৰ্টৰ সহযোগত পেপচিকো কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ ১০০ বিঘা মাটিত চিপছ তৈয়াৰ কৰা FC 11 আলুৰ খেতি কৰি 19 ৰ পৰা 22 লাখ টকাৰ লাভ অর্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে 1000 বিঘা মাটিত সৰিয়হৰ খেতিৰে 50 লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । কৃষক উৎপাদক কোম্পানীটোৰ এই উদ্যমী মহিলাসকলৰ আদৰ্শ অনুকৰণ কৰি ৰাজ্যখনৰ নৱ প্ৰজন্মক কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰাৰ লগতে কৃষি অৰ্থনীতিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী অতুল বৰাই । ইয়ে গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি মজবুত কৰিব বুলিও আশা প্ৰকাশ কৰে কৃষি মন্ত্রীগৰাকীয়ে (Minister Atul Bora at Tezpur) ৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত এই বৰ্ষৰ বাজেটত কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহকে ধৰি অন্যান্য বিশেষ খণ্ডত উপাৰ্জন সৃষ্টিত সহায়ক হোৱাকৈ ১ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ পদক্ষেপে কৃষিখণ্ডৰ অৰ্থনৈতিক বিকাশত নৱতম বুনিয়াদৰ সূচনা কৰিব বুলি কয় মন্ত্রী অতুল বৰাই । ইয়াৰ উপৰিও এই এফ পি চিটোলৈ আগবঢ়োৱা VLFMB, CMSGUY, APART, HMNEH, RKVY, NFSM ইত্যাদি আচঁনিৰ অধীনত ট্ৰেক্টৰ, ৰোটাভেটৰ, কম্বাইন হাৰ্ভেষ্টাৰ , আলু ৰোপণ কৰা যন্ত্ৰ, আলু খন্দা যন্ত্ৰ আৰু অন্যান্য কৃষি আনুষংগিক যন্ত্ৰ পাতি কৃষি বিভাগ, এপাৰ্টৰ জৰিয়তে আগবঢ়োৱা বুলি কয় মন্ত্ৰী অতুল বৰাই (Tezpur Sonitpur Barsala Agriculture Woman)।

কৃষি মন্ত্রীগৰাকীয়ে নিজেই পথাৰত আলু চপোৱা যন্ত্ৰৰ সহিতে ট্ৰেক্টৰ চলায় আলু খান্দি বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্মত নৱ প্ৰজন্মক নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ লগতে প্ৰাকৃতিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে ।ইয়াৰ উপৰিও মন্ত্রীগৰাকীয়ে ৰাজ্যখনত বছৰি ১৩৫ কোটি টকাৰ ফুলৰ প্ৰয়োজন হয়, আৰু সেই কথাকেই লক্ষ্য ৰাখি ফুলৰ ক্ষেত্ৰত ৰাজ্যখনক আত্মনির্ভৰশীল কৰাৰ উদ্দেশ্যই মুখ্যমন্ত্রীৰ উদ্যোগত অসম পুষ্প অভিযান আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ এই অভিযানৰ জৰিয়তে বাণিজ্যিকভাৱে ফুলৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনোৱাৰ লগতে বাণিজ্যিকভাৱে মৌ পালনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ কৃষকসকলক আহ্বান জনোৱা হয় (Women’s participation in the agricultural sector)।

বিগত বৰ্ষত ৰাজ্যখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্রীয়ে বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে , ৰাজ্যখনৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি মত প্ৰকাশ কৰে মন্ত্রীগৰাকীয়ে । অসম পশু খাদ্য অভিযানৰ কাম কাজ আৰম্ভ হোৱা বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ নৱ প্ৰজন্মক চৰকাৰী চাকৰিৰ বাবে বহি নাথাকি দুগুণ উৎসাহেৰে কৃষি কৰ্মত নিয়োজিত হৈ গৰু, ম'হ, ছাগলী, মূৰ্গী পালনৰ জৰিয়তে স্বনিয়োজনৰ পথ মুকলি কৰি ল’বলৈ আহ্বান জনাইছে ।

কৃষি মন্ত্রীগৰাকীৰ এই পৰিদৰ্শনকালত বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, উদ্যান শস্য আৰু খাদ্য সংশোধন সঞ্চালকালয়ৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাস, জিলা কৃষি বিষয়া পঙ্কজ শইকীয়া, জিলা সহকাৰী আয়ুক্ত আইৰিচ আৰ্মান আহমেদৰ লগতে, জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই