ETV Bharat / state

Azadi ka Amrit Mahotsav: অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশ লৈ অসুস্থ ৮ শিক্ষাৰ্থী

author img

By

Published : Aug 11, 2022, 9:27 PM IST

শোণিতপুৰৰ বৰছলা সমষ্টিৰ ১ নং বচাশিমলু গাঁৱত অঘটন ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ ৮ গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিল ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) শোভাযাত্ৰাত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

Azadi ka Amrit Mahotsav
স্বাধীনতাৰ অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশলৈ অসুস্থ ৮ গৰাকী শিক্ষাৰ্থী

তেজপুৰ, ১১ আগষ্ট : বৰছলা বিধান সভা সমষ্টিৰ ১ নং বচাশিমলু গাঁৱত অঘটন ৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি অনুষ্ঠিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে (School student falling ill) ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

উল্লেখ্য যে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত বৰছলা বিধান সভা সমষ্টিৰ ১ নং বচাশিমলু গাঁৱৰ ১ নং বচাশিমলু মধ্য ইংৰাজী বিদ্যালয়, ১ নং বচাশিমলু প্ৰাথমিক বিদ্যালয়ৰ লগতে ৭৪৮ নং বচাশিমলু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰে এক জাগৰণ শোভাযাত্ৰাৰ (Azadi ka Amrit Mahotsav) ৷

লগতে পঢ়ক : School Girl death in Guwahati: মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

প্ৰখৰ ৰ’দৰ (Sun on the hot seat in Assam) বাবে মাত্ৰ ডেৰ কিলোমিটাৰ খোজ কঢ়াৰ পাচতে এই শোভাযাত্ৰাত অংশ লোৱা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ ঢলি পৰে ৷ পৰৱৰ্তী সময়ত অসুস্থ হৈ ঢলি পৰা ছাত্ৰ-ছাত্ৰীকেইগৰাকীক শিক্ষকসকলৰ তৎপৰতাত ঢেকিয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

অসুস্থ ৮ গৰাকীয়ে শিক্ষাৰ্থীৰ ভিতৰত বাতৰি যুগুত কৰা পৰলৈকে ৫ গৰাকী বৰ্তমান সুস্থ হৈ উঠিছে বুলি জানিব দিয়ে ১ নং বচাশিমলু মধ্য ইং বিদ্যালয়ৰ শিক্ষকে ৷ আনহাতে, ইয়াৰ বিপৰীতে বৰ্তমানেও ৩ গৰাকী শিক্ষাৰ্থী বৰ্তমান শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ইফালে স্বাধীনতাৰ অমৃত মহোৎসৱৰ শোভাযাত্ৰাত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : Azadi ka Amrit Mahotsav: বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.