ৰঙাপৰা,25 অক্টোবৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বনাঞ্চল ধ্বংস হোৱাৰ পৰিণতিত জিলাখনৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ । দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ৰঙাপৰাত হোৱা বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰিছে । বেলি ডুবাৰ পিছতেই অঞ্চলটোৰ চাহ বাগিচাসমূহৰ জনবসতি এলেকাত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰাটো এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । এনে সময়তে শনিবাৰে বনৰীয়া হাতীৰ আক্ৰমণত এজন ব্যক্তিয়ে কৰুণভাৱে মৃত্যুক সাৱটি লবলগীয়া হৈছে উক্ত অঞ্চলত ।
প্ৰাপ্ত খবৰ অনুসৰি, ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ 2 নং শ্ৰমিক লাইনৰ নিবাসী বিকি মুণ্ডাই শনিবাৰে সন্ধিয়া সোণাজুলি চাহ বাগিচাৰ পৰা বাসগৃহ অভিমুখে আহি আছিল । ঠিক তেনে সময়তে বনৰীয়া হাতীৰ সৈতে যুৱকজনৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই ব্যক্তিজনে ৷ পৰৱৰ্তী সময়ত এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষীৰ এটা দল ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ।
লগতে চাওকঃ বাঘজানৰ জুই নিৰ্বাপনৰ দায়িত্ব কানাডাৰ প্ৰতিষ্ঠানক