ETV Bharat / state

Tragic Incident at Kailajuli : চতিয়া সমষ্টিৰ কয়লাজুলি নৈত অঘটন; ভৰা নদী পাৰ হোৱাৰ সময়ত এজনৰ মৃত্যু - শোণিতপুৰ জিলা

চতিয়া বিধানসভা সমষ্টিৰ কয়লাজুলিত সংঘটিত হৃদয় বিদাৰক ঘটনা ৷ কয়লাজুলি নদী অতিক্ৰম কৰাৰ সময়তে এজন লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Man die due to Drowning Water at Kailajuli
কয়লাজুলি নৈত অঘটন
author img

By

Published : Aug 16, 2023, 5:50 PM IST

কয়লাজুলি নৈত প্ৰাণ হেৰুৱালে এজনে

ৰঙাপৰা, 16 আগষ্ট : শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ কয়লাজুলিত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা কয়লাজুলি নদী অতিক্ৰম কৰাৰ সময়তে এজন লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা অনুসৰি মঙলবাৰে দিনৰ প্ৰায় ২ মান বজাত কয়লাজুলি-মাইনাওশ্ৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ পথচোৱাত থকা কয়লাজুলি নৈ মটৰ চাইকেল চলাই পাৰ হোৱাৰ সময়ত হঠাৎ জলপৃষ্ঠ বৃদ্ধি পোৱাত নদীৰ কোবাল সোঁতত উটি যায় পূৱ মানশিৰি গাঁৱৰ বব্ৰুবাহন খাখলাৰী নামৰ লোকজন ৷ উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী তথা চতিয়া বিধানসভা সমষ্টিৰ মাইনাওশ্ৰী-কয়লাজুলি সংযোগী পথচোৱাৰ কয়লাজুলি নৈৰ ওপৰত এখন পকী দলং ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছিল ৷ পকী দলংখন থকাত ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে কোনো চিন্তিত নোহোৱাকৈ অহা-যোৱা কৰি আহিছিল ৷ কিন্তু পৰৱৰ্তীকালত পকী দলংখন নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৷

তেতিয়াৰ পৰা অৰ্থাৎ বিগত প্ৰায় ৭ বছৰ ধৰি অসম-অৰুণাচল সীমান্তৱৰ্তী প্ৰায় ৩০ খনৰো অধিক গাঁৱৰ ৰাইজে বিপদ সংকুল ভাৱে যাতায়ত কৰি আহিছে‌ ৷ স্থানীয় ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে উপায় বিহীন হৈ প্ৰত্যেক দিনাই কয়লাজুলি নৈৰ ওপৰেৰে বিপদ সংকুলভাৱে অহা-যোৱা কৰি আহিছে ৷ কয়লাজুলি নৈৰ কোবাল সোঁতৰ মাজেৰেই ৰাইজে অহা-যোৱা কৰি আহিছে বিগত কেইবাবছৰ ধৰি ৷ কয়লাজুলি নদীখনত যিকোনো মূহুৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা প্ৰকট হোৱাৰ পিছতো মৰণক শৰণ কৰি ৰাইজে দীৰ্ঘদিনৰ পৰা অহা-যোৱা কৰি আহিছে ৷

ইফালে চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি এনেদৰেই দুৰ্ভোগ ভূগি অহা-যোৱা কৰি অহাৰ পিছতো নৈখনৰ ওপৰত ৰাজ্য চৰকাৰে এখন দলং নিৰ্মাণৰ ব্যৱস্থা নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ বিগত প্ৰায় ৭ বছৰ ধৰি এখন পকী দলঙৰ পৰা স্থানীয় ৰাইজ বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ পথচোৱাত যাতায়তৰ ক্ষেত্ৰত উপকৃত হোৱাকৈ এখন পকী দলং নথকাৰ পৰিপ্ৰেক্ষিতত এই পথচোৱাত ৰঙাপৰাৰ কোনো ধৰণৰ যান-বাহনৰ লগতে বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ বাহন চলাচল কৰিব নোৱাৰে ৷

ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটি সমাধান কৰিবলৈ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগটোক দাবী জনাইছে ৷ পূব মানশিৰি গাঁৱৰ নিৱাসী বব্ৰুবাহন খাখলাৰী মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বুধবাৰে এক শোকাকূল পৰিৱেশৰ মাজত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : Pangolin rescued: বিলাসীপাৰাত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.