ETV Bharat / state

ৰঙাপৰা সমষ্টিত বিজেপি-কংগ্ৰেছৰ মাজত মূল যুঁজ হোৱাৰ পূৰ্ণ সম্ভৱনা!

author img

By

Published : Sep 29, 2019, 2:13 PM IST

সমষ্টিটোত বিজেপি দলে পুনৰ এজন সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে দলে সমষ্টিবাসীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷

ৰঙাপৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মী

ৰঙাপৰা, 29 ছেপ্টেম্বৰঃ অসমৰ চাৰিটা বিধান সভা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৰঙাপৰা বিধান সভা সমষ্টি ৷ ইতিমধ্যে সকলো ৰাজনৈতিক দলে সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ ৰঙাপৰা সমষ্টিত এইবেলি বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজখন হোৱা পূৰ্ণ সম্ভৱনা আছে ।

ৰঙাপৰা সমষ্টিবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে এইবাৰ হ’বলগীয়া উপ-নিৰ্বাচনত এজন স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই আহিছিল ৷ কাৰণ স্বাধীনতাৰ পাচৰে পৰা ৰঙাপৰা সমষ্টিত আমদানিকৃত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰি আহিছিল ৷ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ সমষ্টিটো 2016 চনৰ নিৰ্বাচনত ন-বিজেপি পল্লৱ লোচন দাসে কংগ্ৰেছৰ দূৰ্গ খহাই বিজেপিৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান পল্লৱ লোচন দাস তেজপুৰ লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱাত উক্ত খালী হোৱা আসন খনৰ বাবে সকলো ৰাজনৈতিক দলক স্থানীয় প্ৰাৰ্থী দিয়াৰ বাবে আহ্বান জনাইছিল সমষ্টিবাসীয়ে ৷

ইতিমধ্যে বিজেপি দলে পুনৰ এজন সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে দলে সমষ্টিবাসীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ উল্লেখ্য যে, মিত্ৰ-জোঁটৰ প্ৰাৰ্থী গৰাকীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ধৰণা কৰা হৈছে ৷ কংগ্ৰেছৰ শাসন কালত ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ সৈতে ছাঁৰ দৰে লাগি থকা কাৰ্তিক কুৰ্মীয়ে ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হ'লে - স্বাস্থ্য, ৰাস্তা ঘাট আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰা কাৰ্তিক কুৰ্মীয়ে সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখললৈ আনিবলৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ অৱশ্যে এইবাৰ ৰঙাপৰা সমষ্টিটো বিজেপি দলে পুনৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’বনে সেয়া নিৰ্বাচনৰ ফলাফলৰ পাচতহে গম পোৱা যাব ৷

Intro:উপ-নিৰ্বাচনত ৰঙাপৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মীBody:ৰঙাপৰাঃ অসমৰ চাৰিটা বিধান সভা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৰঙাপৰা বিধান সভা সমষ্টিখন। ইতিমধ্যে সকলো ৰাজনৈতিক দলে সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে। ৰঙাপৰা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজতে মুল যুঁজখন হোৱা পূৰ্ণ সম্ভৱনা আছে। ৰঙাপৰা সমষ্টিবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে এইবাৰ হ’বলগীয়া উপ-নিৰ্বাচনত এজন স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই আহিছিল। কাৰণ স্বাধীনতাৰ পাছৰে পৰা ৰঙাপৰা সমষ্টিত আমদানিকৃত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰি আহিছিল। কংগ্ৰেছৰ দূৰ্গ স্বৰূপ সমষ্টিটো কিন্তু যোৱা ২০১৬ চনৰ নিৰ্বাচনত ন-বিজেপি পল্লৱ লোচন দাসে কংগ্ৰেছৰ দূৰ্গ খহাই বিজেপিৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। বৰ্তমান পল্লৱ লোচন দাস তেজপুৰ লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱাত উক্ত খালী হোৱা আসনখনৰ বাবে সকলো ৰাজনৈতিক দলক স্থানীয় প্ৰাৰ্থী দিয়াৰ বাবে আহ্বান জনাইছিল সমষ্টিবাসী ৰাইজে। বিজেপি দলে পুণৰ এজন সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে দলে সমষ্টিবাসীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই স্থানীয় যুৱনেতা কাৰ্তিক কুৰ্মীক প্ৰাৰ্থীত্ব প্ৰদান কৰাত মিত্ৰ জোটৰ প্ৰাৰ্থী গৰাকী তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব বুলি ধৰণা কৰা হৈছে। কংগ্ৰেছৰ শাসন কালত ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ সৈতে ছাঁৰ দৰে লাগি থকা কাৰ্তিক কুৰ্মী ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হলে স্বাস্থ্য, ৰাস্তা ঘাট আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰা কাৰ্তিক কুৰ্মীয়ে সমষ্টিটোত পুণৰ কংগ্ৰেছৰ দখললৈ আনিবলৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। এইবাৰ ৰঙাপৰা সমষ্টিত বিজেপি দলে পূণৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’বনে সেয়া নিৰ্বাচনৰ ফলাফলৰ পাছতে গম পোৱা যাব।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.