চতিয়া, 20 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ বৃহৎ যন্ত্ৰাংশ কঢ়িওৱা 5 খনকৈ ট্ৰাক বুধবাৰে নিশা ৰাজপথতেই আবদ্ধ কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাই ৷ তথ্য অনুসৰি, নিশা প্ৰায় 12 বজাত এনএইচপিচি অভিমুখী যন্ত্ৰাংশ কঢ়িওৱা ট্ৰাক কেইখন জামুগুৰিহাটস্থিত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাই আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰায় 2 ঘন্টা সময় ট্ৰাককেইখন আবদ্ধ কৰি ৰাখি ছাত্ৰ সন্থাৰ সদস্য সকলে এনএইচপিচি মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অৱশ্যে আবদ্ধ কৰা স্থানত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতীসহ জামুগুৰি আৰক্ষী উপস্থিত হৈ কেইবাঘন্টাৰ অন্তত বৃহৎ যন্ত্ৰাংশ কঢ়িয়াই অনা ট্ৰাককেইখন আবদ্ধ কৰাৰ পৰা মুকলি কৰি নিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : বন্যহস্তীৰ মুক্ত বিচৰণক লৈ শংকিত তাৰাজুলি চাহ বাগিছাবাসী