ETV Bharat / state

এইয়া ১৯৬২ চন নহয় ২০২০ ৰ ভাৰতঃ পেমা খাণ্ডু

author img

By

Published : Oct 23, 2020, 10:34 PM IST

চীনৰ আগ্ৰাসনৰ প্ৰতি চিন্তা কৰিব লগীয়া নাই; কাৰণ এতিয়া ১৯৬২ চন নহয়, এইয়া ২০২০ চন । চীনৰ পুৰণা আগ্ৰাসন আৰু দুমুখীয়া নীতি সন্নিৱিষ্ট চীনৰ কাৰ্যক লৈ এতিয়া ভাৰত বহি নাথাকে । সময়ৰ লগে লগে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক কোনো কাৰণতে তোষামোদ নকৰে ভাৰতীয় সেনাৰ পক্ষত থিয় দিবলৈ । এই মন্তব্য প্ৰেমা খাণ্ডুৰ ৷

india china war
india china war

তেজপুৰ,২৩ অক্টোবৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শুকুৰবাৰে কয় যে, চীনৰ আগ্ৰাসনৰ প্ৰতি চিন্তা কৰিব লগীয়া নাই; কাৰণ এতিয়া ১৯৬২ চন নহয়, এইয়া ২০২০ চন । চীনৰ পুৰণা আগ্ৰাসন আৰু দুমুখীয়া নীতি সন্নিৱিষ্ট চীনৰ কাৰ্যক লৈ এতিয়া ভাৰত বহি নাথাকে । সময়ৰ লগে লগে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক কোনো কাৰণতে তোষামোদ নকৰে ভাৰতীয় সেনাৰ পক্ষত থিয় দিবলৈ । এইয়া ১৯৬২ চন নহয়, এইয়া ২০২০ ৷ সুদূৰ কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ এতিয়া ভাৰত সম্পূৰ্ণ প্ৰস্তুত ৷ কোনো ধৰণৰ নতুন আগ্ৰাসনে ভাৰতক ক্ষতি সাধন কৰিব নোৱাৰে । এইবুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এইয়া ১৯৬২ চন নহয় ২০২০ ৰ ভাৰত

অৰুণাচল প্ৰদেশ চীনৰ অবিচ্ছেদ্য অংগ বুলি ৰঙা চীনে বাৰে বাৰে ভাবুকি প্ৰদান কৰা কাৰ্যক একে মুখে নস্যাৎ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ তেওঁ কয় যে, এতিয়া আমিও সম্পূৰ্ণ প্ৰস্তুত; চীনা সৈন্য পি এল এয়ে ১৯৬২ ৰ কথা পাহৰি যোৱাটো ভাল ৷ বর্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনা বাহিনীও সকলো সময়তে সম্পূৰ্ণ ৰূপে প্ৰস্তুত বুলি কয় খাণ্ডুৱে ৷ শুক্ৰবাৰে টাৱাংৰ বুমলা পাছৰ বীৰ শ্বহীদ চুবেদাৰ যোগেন্দ্ৰ সিঙৰ স্মৃতি সৌধ মুকলি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য আগবঢ়াই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে ৷

লগতে পঢ়ক : 1989 তে নিৰ্মাণ কৰা দলংখন মুকলি কৰিলে হিমন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.