শোণিতপুৰ,30মাৰ্চ : চৰকাৰী বিভাগে বিভাগে এতিয়া দুৰ্নীতিৰ নতুন নতুন অভিলেখ ৷ সাধাৰণ জনতাক আঁভুৱা ভাৰি , দৰিদ্ৰ লোকৰ অধিকাৰ কাঢ়ি নিজৰ মুনাফাবৃদ্ধিৰ প্ৰতিযোগিতাত নামিছে সকলো ৷ কি বিষয়া, কি ঠিকাদাৰ সকলোতে একেই দশা ৷ প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ নামত হিতাধিকাৰীৰ টকা লুট কৰি নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে ছইদুল ইছলাম নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে ৷ ঢেকীয়াজুলি সমষ্টিৰ নাহৰবাৰী গাঁও পঞ্চায়চৰ অন্তৰ্গত 2 নং উলুবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
অভিযোগ মতে,প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আচঁনিৰ ভিত্তিত 2 নং উলুবাৰী গাঁৱৰ হাতেম আলীয়ে লাভ কৰিছিল এখন ঘৰ। কিন্তু হিতাধিকাৰীৰ দুৰ্বলতাৰ সুযোগ লৈ ছইদুল ইছলাম নামৰ ঠিকাদাৰ জনে গৃহ নির্মাণৰ নামত কৰি আহিছিল চৰম দুৰ্নীতি ।হিতাধিকাৰীৰ অজ্ঞাতে বহু ধন সৰকাই নিম্ন পৰিমানৰ চিমেন্ট,নিম্নমানদ্ণ্ডৰ লোহা ব্যৱহাৰ কৰি ঘৰটো নিৰ্মাণ কৰাৰ ফলত এতিয়া হাতৰ জোৰতে খহিছে ঘৰটো । তদুপৰি দুৰ্বল টিনপাত ব্যৱহাৰ কৰাৰ লগতে হিতাধিকাৰীৰ নিজা টকাৰেই ঘৰটোৰ খিৰিকীলগাব লগীয়া হয় ।এবছৰ ধৰি নিৰ্মাণ কৰা ঘৰটো ভেঁটি প্লাষ্টাৰ নকৰি, খিৰিকি নলগাইয়ে কাম সম্পূৰ্ণ হোৱা বুলি জনায় ছইদুল ইছলাম নামৰ ঠিকাদাৰ জনে । ঠিকাদাৰজনৰ নিম্ন মানদণ্ডৰ কামৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে হিতাধিকাৰীয়ে ৷