ETV Bharat / state

INDIA Opposition team : শনিবাৰে নহয় দেওবাৰেহে ইণ্ডিয়া মিত্ৰজোঁটৰ দলে সাক্ষাৎ কৰিব অনুছুইয়া উইকেক - অশান্তজৰ্জ মণিপুৰলৈ ৰাওনা

শনিবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ ২০ জনীয়া এটা দল ৰাওনা হৈছে মণিপুৰলৈ ৷ এই দলটোৱে দেওবাৰেহে সাক্ষাৎ কৰিব মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক ৷

INDIA Opposition team on two day visit to Manipur
ইণ্ডিয়া মিত্ৰজোঁটৰ ২০ জনীয়া এটা দল ৰাওনা হৈছে মণিপুৰলৈ
author img

By

Published : Jul 29, 2023, 1:28 PM IST

Updated : Jul 29, 2023, 1:58 PM IST

তেজপুৰ, ২৯ জুলাই : অশান্তজৰ্জ মণিপুৰলৈ ৰাওনা হৈছে ২০ জনীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ এটা দল ৷ ইতিমধ্যে বিমানযোগে দলটোৱে আৰম্ভ কৰিছে যাত্ৰা । আজি অৰ্থাৎ শনিবাৰে বিয়লিৰ ভাগত এই দলটো উপস্থিত হ’ব মণিপুৰত ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, আজি নহয় দেওবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ এই দলটোক মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে সাক্ষাৎ কৰিব ৷ আজি আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰিব এই বিৰোধী দলটোৱে ।

তথ্য অনুসৰি, দুদিনীয়া ভ্ৰমণ সূচীৰে মণিপুৰলৈ যাত্ৰা কৰা এই বিৰোধীৰ প্ৰতিনিধি দলটোত আছে কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, টিএমচিৰ সুস্মিতা দেৱ, জেএমএমৰ মহুয়া মাঝি, ডিএমকেৰ কানিমোঝি, এনচিপিৰ মহম্মদ ফাইজাল, আৰএলডিৰ জয়ন্ত চৌধুৰী, আৰজেডিৰ মনোজ কুমাৰ ঝা, আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন আৰু ভিচিকেৰ টি থিৰুমাভালভানকে ধৰি মুঠ ২০ গৰাকী সাংসদ ।

INDIA Opposition team on two day visit to Manipur
ইণ্ডিয়া মিত্ৰজোঁটৰ ২০ জনীয়া এটা দল ৰাওনা হৈছে মণিপুৰলৈ

ইণ্ডিয়া মিত্ৰজোঁটৰ দল গঠন হোৱাৰ পিচত এই দলটোৱে প্ৰথম যাত্ৰা কৰিছে অশান্তজৰ্জ মণিপুৰলৈ । তেওঁলোকে আশ্ৰয় শিবিৰত থকা লোকক সাক্ষাৎ কৰাৰ লগতে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’ব । বিমানত উঠাৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে মণিপুৰৰ এই নৃশংস হত্যা বৰ্বৰতাৰ বাবে বিজেপি চৰকাৰ একমাত্ৰ দোষী ।

আনহাতে, আজি পুৱা মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকে ইম্ফলৰ পৰা চুৰাচান্দপুৰ ভ্ৰমণলৈ গৈছে । চুৰাচান্দপুৰত মনিপুৰৰ হিংসাৰ আৰম্ভণি হৈছিল যোৱা ৩ মে’ৰ এক প্ৰতিবাদী কাৰ্যসূচীৰ পিচতে । চুৰাচান্দপুৰত পাহাৰীয়া সীমান্তৱৰ্তী অঞ্চলত দিনৰ পোহৰত গুলীৰ শব্দত স্বাভাৱিক জীৱন যাত্ৰা ব্যাঘাত জন্মে ।

চুৰাচান্দপুৰ আৰু চাণ্ডাল জিলাত এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দৰে কুকি আৰু মেটেইৰ মাজত ৱাফাৰ জনৰ সৃষ্টি হৈছে । কলেজীয়া ছাত্ৰই হাতত উদ্যত মাৰণাস্ত্ৰ লৈ নিশা গাঁও অঞ্চলত পহৰাৰ দায়িত্ব পালন কৰিছে । কিন্তু ইয়াৰ মাজতে এই লোকসকলৰ মাজত সেনাৰ পোছাক আৰু নতুন নতুন অস্ত্ৰ-শস্ত্ৰ যোগান কোনে ধৰিছে সেয়াহে লক্ষণীয় ।

লগতে পঢ়ক : NCW to submit report on Manipur incident : দুই-এদিনৰ ভিতৰতে মণিপুৰ ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে চৰকাৰক দাখিল কৰিব প্ৰতিবেদন

Last Updated : Jul 29, 2023, 1:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.