ETV Bharat / state

ভাৰত-আমেৰিকাৰ সেনাৰ যুদ্ধ অভ্যাস আৰম্ভ - ১৪ দিনীয়া অনুশীলন

সোমবাৰৰ পৰা আৰম্ভ ভাৰতীয় সেনা আৰু আমেৰিকাৰ সেনাৰ 'যুদ্ধ অভ্যাস' শীৰ্ষক অনুশীলন । ৰাজস্থানৰ মহাজন ফায়াৰিং ফিল্ডত আয়োজিত ১৪ দিনীয়া সামৰিক অনুশীলনত অংশ লৈছে দুয়োখন দেশৰ সেনাই ।

ভাৰত-আমেৰিকাৰ সেনাৰ 'যুদ্ধ অভ্যাস', ১৪ দিনীয়া অনুশীলন আৰম্ভ

author img

By

Published : Feb 8, 2021, 9:56 PM IST

তেজপুৰ,৮ ফেব্ৰুৱাৰী: ৰাজস্থানৰ মহাজন ফায়াৰিং ফিল্ডত অনুষ্ঠিত হৈছে ১৪ দিনীয়া সামৰিক অনুশীলন । সোমবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ভাৰতীয় সেনা আৰু আমেৰিকাৰ সেনা বাহিনীয়ে অংশগ্ৰহণ কৰিছে । দুয়োখন দেশৰ সামৰিক বাহিনীৰ জোৱান, বিষয়াসকলে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ আমেৰিকাৰ সামৰিক বাহিনীৰ ব্ৰিগেড হেডৰ দ্বিতীয় আৰু তৃতীয় যুঁজাৰু বাহিনী আৰু ১-২ ষ্টাইকাৰ ব্ৰিগেডৰ কমবেত দলৰ মুঠ ২৭৯ জনীয়া দল যোৱা ৬ ফেব্ৰুৱাৰীত ভাৰতত আহি উপস্থিত হয় ।

ভাৰত-আমেৰিকাৰ সেনাৰ 'যুদ্ধ অভ্যাস', ১৪ দিনীয়া অনুশীলন আৰম্ভ
ভাৰত-আমেৰিকাৰ সেনাৰ 'যুদ্ধ অভ্যাস', ১৪ দিনীয়া অনুশীলন আৰম্ভ

সোমবাৰে ভাৰতীয় সেনা বাহিনীৰ ১৭০ যুঁজাৰু বাহিনীৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ মুকেশ ভানৱালে আমেৰিকাৰ ব্ৰিগেডক আদৰণি জনায় । তেওঁ কয় যে, দুয়োখন দেশৰ সেনাই পৰস্পৰৰ মাজত আদৰ্শ, অনুশীলন আৰু সু-নিপুণ যুদ্ধ কৌশল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব । এই ১৪ দিনীয়া অনুশীলনত এডভাঞ্চ লাইট হেলিকপ্তাৰ, ডব্লিউ এছ আই, "ৰুদ্ৰ", এম আই ১৭, চিনুক আৰু আমেৰিকাৰ ষ্টাইকাৰ বাহন, বি এম পিৰ লগতে ভাৰতীয় সেনাৰ ইনফেণ্টাৰী কমবেত বাহন যুদ্ধ অনুশীলন ব্যৱহাৰ কৰা হ'ব ।

এই অনুশীলনত সন্ত্ৰাসবাদ বিৰোধী আক্ৰমণ, উগ্ৰপন্থী বিৰোধী অভিযান আৰু বিভিন্ন ক্ষেত্ৰৰ যুদ্ধ অনুশীলন কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পি খংচাই ।

লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.