তেজপুৰ, ১৫ মাৰ্চ : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষা (HSLC examination 2022 begins) । বাকী জিলাসমূহৰ দৰে শোণিতপুৰ জিলাতো পৰীক্ষাক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । পৰীক্ষা কেন্দ্ৰসমূহত প্ৰশাসনে কটকটীয়া ব্যৱস্থা গঢ়ি তুলিছে ।

জিলাখনৰ সদৰ তেজপুৰ চহৰৰ একাডেমী, চৰকাৰী বহুমুখী কন্যা বিদ্যালয়, চৰকাৰী বালক হাইস্কুল, তেজপুৰ কলেজিয়েট হাইস্কুল আদি কেন্দ্ৰটো পুৱাৰে পৰা শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, জিলাখনৰ পৰা এইবাৰ মুঠ ১৪,৫৮০ গৰাকী শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে (14580 students have appeared for HSLC examination in Sonitpur) । তাৰ বিপৰীতে হাই মাদ্ৰাছাৰ ৩২৭ গৰাকী শিক্ষাৰ্থীয়ে ৩০ টা পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষাত বহিছে (HSLC exam held at 30 centres in Sonitpur)।

বিগত বৰ্ষত মাৰাত্মক ক'ভিড মহামাৰীৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল । আনকি এই বছৰতো ক'ভিডৰ বাবে শিক্ষাৰ্থীসকলে অতি কম সময়হে বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিবলৈ সক্ষম হৈছে । ৰাজ্যত মুঠ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছে ।
লগতে পঢ়ক : HSLC Examination 2022 : আৰম্ভ হ’ল শেষৰটো হাইস্কুল শিক্ষান্ত পৰীক্ষা