ETV Bharat / state

Indo China war : ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ সাক্ষী নামকা চু

নামকা চু যুদ্ধৰ বীৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় সুৰৱা সাম্বা যুদ্ধ স্মৃতিসৌধত পৰম্পৰাগত সামৰিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে (Homage to the Namka Chu Bravehearts) । ইয়াৰ পিছত পবিত্ৰ যুদ্ধক্ষেত্ৰত নামকা চু দৌৰ অনুষ্ঠিত হয় ।

Namka Shu
Namka Shu
author img

By

Published : Oct 25, 2022, 1:09 PM IST

তেজপুৰ, ২৫ অক্টোবৰ : 1962 চনৰ ভাৰত-চীন যুদ্ধৰ 20 অক্টোবৰত হোৱা "নামকা-চু" যুদ্ধখন (Namka Shu war) ইতিহাসত চীনৰ বিৰুদ্ধে এক ঐতিহাসিক যুদ্ধ হিচাপে চিহ্নিত হৈছিল । এই যুদ্ধখন ভাৰতৰ বাবে আজিও স্মৰণীয় । সেই সময়ৰ বীৰ পৰ্টাৰসকলৰ লগত সেনাই এই স্মৰণীয় দিন অতিবাহিত কৰা এক ভিডিঅ' সেনাৰ এ ডি জি পি আইয়ে টুইটাৰত শ্বেয়াৰ কৰিছে । সেই সময়ত যুদ্ধৰ বাবে কোনো সুগম পথ বা ট্ৰেকৰ সংযোগ নাছিল (India China war 1962) ।

আনহাতে, সীমিত গোলাবাৰুদ, অতি কম সামৰিক সৰঞ্জামেৰে শত্ৰুৰ বিৰুদ্ধে ভাৰতীয় সেনাই যুঁজিছিল । কিন্তু ভাৰতীয় সেনাৰ তুলনাত চীনা বাহিনী বেছি উন্নত আছিল আৰু উচ্চমানৰ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত আছিল । এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰতীয় বাহিনীয়ে অতি দৃঢ়তাৰে যুঁজিছিল । যাৰ বাবে আনকি শত্ৰু পক্ষয়ো মানি লৈছিল যে এই যুদ্ধত তেওঁলোকক গুৰুতৰভাৱে ক্ষতিসাধন কৰা হৈছিল আৰু সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল ।

১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত সেনাৰ চোৰাংচোৱাৰ তথ্যত কিছুমান বিচ্ছিন্ন ঘটনাৰ খবৰ পোৱা গৈছিল (1962 China war) । যাৰ বাবে ৭ টা ইনফেণ্ট ব্ৰিগেডৰ দুটা বেটেলিয়নক টাৱাঙৰ পৰা খৰখেদাকৈ স্থানান্তৰ কৰা হৈছিল । আনহাতে কঠিন কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত শান্তিপূৰ্ণ অঞ্চলসমূহত অন্তৰ্ভুক্তিৰ বাবে অপেক্ষা কৰি থকা দুটা বেটেলিয়নক অসমত তেওঁলোকৰ ৰে'লৰ পৰা নমাই বিমানত উঠাই নামকা চু ছেক্টৰলৈ লৈ যোৱা হৈছিল (China border of India in Arunachal) ।

টাৱাঙৰ আগত বেটেলিয়নৰ সেনাই ৬০০০ ফুট উচ্চতাৰ পৰা ১৫০০০ ফুটতকৈ অধিক ওপৰলৈ উঠি মাত্ৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে । নামকা চুৰ কাষৰ প্ৰতিৰক্ষা দখল কৰাৰ আগতে শীতকালীন সময়ত নিশা মুকলি ঠাইত কটাবলগীয়া হৈছিল । আৰ্টিলাৰী সহায়ৰ অনুপস্থিতিত চাৰিটা বন্দুক এয়াৰড্ৰপ কৰা হৈছিল আৰু তাৰ পিছত মাত্ৰ দুটাহে কাৰ্যত পৰিণত কৰিব পৰা গৈছিল । 20 অক্টোবৰৰ পুৱাৰ ভাগত আৰম্ভ হয় ভাৰতীয় প্ৰতিৰক্ষাৰ বিৰুদ্ধে নামকা চুৰ কাষেৰে চীনা আক্ৰমণ ।

নামকা চু যুদ্ধৰ বীৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি

শিলগুটি আৰু ব'ল্ডাৰ ব্যৱহাৰ কৰি শত্ৰুক ৰক্তাক্ত কৰি দিয়ে । প্ৰতিজন সৈনিকেই নিজৰ স্থিতিতে অটল হৈ আছিল । কাৰণ তেওঁলোকে জানিছিল যে এদিনৰ যুদ্ধৰ বাবেও গোলাবাৰুদ নাই । ভাৰতীয় সেনাৰ পৰম্পৰাগত শৌৰ্য্যৰে বীৰ পুৰুষসকলে অন্তিমজন ব্যক্তিৰ শেষ ৰাউণ্ড গুলী থকালৈকে যুঁজিছিল । ভাৰতীয় সৈনিকৰ ধৈৰ্য আৰু দৃঢ়তা চীনাসকলৰ বাবে অতি কঠিন হৈ পৰে আৰু ভাৰতীয় সেনাই সীমা সুৰক্ষিত কৰাৰ লগে লগে চীনাসকলে ভালদৰে বুজিলে যে কোনো দুৰ্ঘটনাৰ সন্মুখীন হ'লে ভাৰতীয় সেনাৰ পৰা প্ৰত্যুত্তৰ কি হ’ব ।

উদাহৰণ স্বৰূপে গালৱানত ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰো তেওঁলোকৰ বাবে আছিল এক বৃহৎ প্ৰত্যাহ্বান । "নামকা-চু" যুদ্ধৰ বাবে চাৰিটা বেটেলিয়ন ক্ৰমে 2 RAJPUT, 1/9 GORKHA RIFLES, 9 PUNJAB & 4 GRENADIERS-এ সাতটা মহাবীৰ চক্ৰ, এঘাৰটা বীৰ চক্ৰ, তেৰটা সেনা পদক আৰু বিছটা মেনচন-ইন-ডিস্পেচ পদক গ্ৰহণ কৰে "চু" যোদ্ধাসকলে । এই বছৰ উক্ত যুদ্ধই ৬০ বছৰ অতিক্ৰম কৰে ।

যাৰ বাবে উক্ত যুদ্ধৰ নামকা চু যুদ্ধৰ বীৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় সুৰৱা সাম্বা যুদ্ধ স্মৃতিসৌধত পৰম্পৰাগত সামৰিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে (homage to the Namka Chu Bravehearts) । ইয়াৰ পিছত পবিত্ৰ যুদ্ধক্ষেত্ৰত নামকা চু দৌৰ অনুষ্ঠিত হয় । স্থানীয় জনসাধাৰণৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত ১৯৬২ চনত সেনাবাহিনীৰ সৈতে পৰ্টাৰ হিচাপে কাম কৰা আৰু কান্ধত গধুৰ বোজা লৈ যোৱা পেম ডৰ্জীক ভাৰতীয় সেনাই কৃতজ্ঞতাৰ চিন হিচাপে সম্ভাষণ জনায় আৰু সেই সময়ৰ অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ সামৰিক ব্যক্তিসকলক সম্বৰ্ধনা জনায় (Namka Chu Bravehearts) । নামকা চু ব্ৰেভহাৰ্টছৰ ত্যাগ কেতিয়াও অসাৰ নহ’ব আৰু ভৱিষ্যত প্ৰজন্মক প্ৰেৰণা দি থাকিব বুলি তেওঁলোকক সেনাৰ বিষয়াসকলে জনায় ।

লগতে পঢ়ক :Cyclone Sitarang: বাংলাদেশত চিত্ৰাঙে প্ৰাণ ল’লে সাতজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.