ETV Bharat / state

স্মাৰ্ট আৰক্ষী ! প্ৰস্ৰাৱ কৰিবলৈ যাও বুলি কৈ হেণ্ডকাফ কাটি পলাল কয়দী - TEZPUR PRISONER ESCAPE CASE

পুৱা প্ৰায় ১০ বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত অভিযুক্তই হেণ্ডকাফ কাটি প্ৰস্ৰাৱগাৰৰ খিৰিকীৰে পলায়ন কৰে ৷

Tezpur Prisoner escape case
তেজপুৰত আৰক্ষীৰ জিম্মাৰ পৰা কয়দীৰ পলায়ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 6:44 PM IST

তেজপুৰ: তেজপুৰত আৰক্ষীৰ জিম্মাৰ পৰাই হেণ্ডকাফসহ চোৰৰ পলায়ন । আৰক্ষীৰ জিম্মাৰ পৰাই চিকিৎসাধীন অৱস্থাত থকা এক অভিযুক্তই সোমবাৰে পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

দেওবাৰে নিশা তেজপুৰ সদৰ আৰক্ষী থানাৰ অধীনস্থ তথা বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত এক চুৰিকাৰ্য সংঘটিত কৰাৰ সময়ত স্থানীয় একাংশ লোকে ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিক হাতে-লোটে কৰায়ত্ত কৰিছিল ৷ ৰাইজে অভিযুক্ত ৰফিকুলক ঘটনাস্থলীতে উত্তম-মধ্যম শোধোৱাত অভিযুক্ত ৰফিকুল আহত হয় ৷ পাছত স্থানীয় বৰঘাট আৰক্ষীক গতাই দিয়ে ।

ৰফিকুলক আজি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ আনে ৷ আজি পুৱা প্ৰায় ১০ বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পুৰুষৰ শল্য বিভাগত চিকিৎসাধীন অৱস্থাত অভিযুক্ত ৰফিকুলে হেণ্ডকাফ কাটি চিকিৎসা কক্ষৰ প্ৰস্ৰাৱগাৰৰ খিৰিকীৰে পলায়ন কৰে ৷

উল্লেখ্য যে এই ঘটনাৰ পাছতে আৰক্ষীৰ মাজত হাহাকাৰ লাগে ৷ ইপিনে এই ঘটনা তেজপুৰ সদৰ আৰক্ষী থানাৰ একাংশ আৰক্ষী বিষয়াই গাপ দিয়াৰ চেষ্টা কৰাৰ বিপৰীতে শোণিতপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে এই ঘটনা স্বীকাৰ কৰি কয়, "আজি বিয়লি পৰ্যন্ত পলায়ন কৰা ৰফিকুলৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে । কিন্তু এই পৰ্যন্ত পলাতক ৰফিকুলৰ সন্ধান ওলোৱা নাই ৷"

ইফালে চিকিৎসাধীন অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰাই অভিযুক্তই পলায়ন কৰা এই ঘটনাই তেজপুৰত প্ৰতিক্ৰিয়া তথা চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে যোৱা ১৭ মাৰ্চতো তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তিনি কয়দীয়ে পলায়ন কৰিছিল ৷ উক্তই নিশা তিনি কয়দীয়ে নিশা প্ৰায় ১১.৪৫ বজাত পলায়ন কৰে ৷ এই তিনি কয়দী আছিল ঠেলামৰাৰ ২১ বছৰীয়া তুলেশ্বৰ তাঁতী, মিছামাৰীৰ ২১ বছৰীয়া জেহিৰুল ইছলাম আৰু চাৰিদুৱাৰৰ ২৯ বছৰীয়া ইন্দ্ৰজিত মণ্ডল ৷

লগতে পঢ়ক :খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো দুৰ্ভাগ্যজনক: চুতীয়া ছাত্র সন্থা
লগতে পঢ়ক :সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.