ETV Bharat / state

Baan theatre Tezpur: শীঘ্ৰেই নতুন ৰূপ পাব তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰে - Historic Baan Theatre in Tezpur

ন-ৰূপত বিকশিত হ’ব তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ ৷ বাণ থিয়েটাৰৰ নৱীকৰণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে আগবঢ়াইছে ৪ কোটি ৫০ লাখ টকা ৷ ইয়াৰে প্ৰথম পৰ্যায়ত মোকলাই দিয়া হৈছে ২ কোটি টকা ৷ ইয়াৰ বাবে ইতিমধ্যে নিবিদাৰ কামো সম্পন্ন হৈছে (Baan theatre Tezpur) ৷

Baan theatre Tezpur
ঐতিহাসিক বাণ থিয়েটাৰ
author img

By

Published : May 4, 2023, 2:27 PM IST

তেজপুৰ, 4 মে': অসমীয়া সংস্কৃতি চহকী কৰি থৈ যোৱা বহু বৰেণ্য শিল্পী, কলা-কুশলী, নাট্যকাৰৰ সাধনাস্থলী তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ ৷ অসমবাসীৰ এক চিৰপৰিচিত নাম, এক আবেগৰ নাম বাণ থিয়েটাৰ ৷ অসমীয়া কলা-সংস্কৃতি জগতৰ বহু পুৰোধা ব্যক্তিৰ পবিত্ৰ পৰশেৰে সমৃদ্ধ এই বাণ থিয়েটাৰ (Baan Theatre in Tezpur to be renovated Shortly) ৷

এইবাৰ ন-ৰূপত বিকশিত হ’ব বহু মহান সংস্কৃতিৰ সাধক, শিল্পীৰ সাধনাৰস্থলী তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ড৹ ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱাৰ লগতে ৰাজ্যৰ বহু মহান ব্যক্তিৰ সাধনাৰ স্থলী আছিল এই বাণ থিয়েটাৰ ৷ যি সকল বৰেণ্য শিল্পী, কলা-কুশলী, নাট্যকাৰ, পুৰোধা ব্যক্তিয়ে চহকী তথা সমৃদ্ধ কৰি থৈ গৈছে অসমীয়া সংস্কৃতি ৷ যাৰবাবে অসমীয়া সংস্কৃতিৰ লগত বাণ থিয়েটাৰ সংপৃক্ত হৈ আছে আৱেগৰ ডোলেৰে (Historic Baan Theatre in Tezpur) ৷

1906 চনতে স্থাপিত হোৱা বাণ থিয়েটাৰ সাংস্কৃতিক, বৌদ্ধিকভাৱে চহকী তেজপুৰৰ এক অন্যতম সমল ৷ শেহতীয়াকৈ ইতিহাস বহনকাৰী বাণ থিয়েটাৰক ন-ৰূপ দি এই সম্পদ সংৰক্ষণ কৰাৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ বাণ থিয়েটাৰৰ নৱীকৰণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে আগবঢ়াইছে ৪ কোটি ৫০ লাখ টকা ৷ ইয়াৰে প্ৰথম পৰ্যায়ত মোকলাই দিয়া হৈছে ২ কোটি টকা ৷ ইয়াৰ বাবে ইতিমধ্যে নিবিদাৰ কামো সম্পন্ন হৈছে (Baan theatre Tezpur) ৷

পৰিকল্পনা অনুসৰি ৰাজ্য চৰকাৰে আৱণ্টন দিয়া ধনৰাশিৰ জৰিয়তে অত্যাধুনিকভাৱে সজাই তোলা হ'ব বাণ থিয়েটাৰ ৷ বৰ্তমান চিংগল মঞ্চ সম্পন্ন বাণ থিয়েটাৰক ডাবল্ মঞ্চলৈ ৰূপান্তৰ কৰা হ'ব ৷ লগতে বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ'ব, শব্দ ব্যৱস্থাৰ আধুনিকীকৰণ কৰা হ'ব ৷ লগতে উন্নত তথা অত্যাধুনিৰ মানসস্পন্ন হ'ব পোহৰৰ ব্যৱস্থা ৷ সাংস্কৃতিক সাধনাৰ অন্যতম কেন্দ্ৰস্থল বাণ থিয়েটাৰৰ এইসমূহ উন্নয়ণ সাধন হ'লে স্বাভাৱিকতেই বাণ থিয়েটাৰে অধিক আকৰ্ষণ কৰিব সংস্কৃতিৱান তেজপুৰ চহৰক ৷

লগতে পঢ়ক: Marathon Race Competition at Tingkhong: টিংখাঙত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.