ETV Bharat / state

ডিচেম্বৰ মাহলৈ বিটিচি নিৰ্বাচনৰ সম্ভাৱনা প্ৰকট

author img

By

Published : Oct 1, 2020, 6:58 PM IST

ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত অক্টোবৰ-নবেম্বৰৰ পৰিৱৰ্তে ডিচেম্বৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে মানুহৰ জীৱন ৰক্ষাৰ বাবে দিয়া পৰামৰ্শৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই আৰু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগ অটল বুলি স্পষ্ট কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Tezpur
মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

তেজপুৰ,১ অক্টোবৰ : বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত উপস্থিত হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত অনুষ্ঠানত বিটিচি নিৰ্বাচনৰ বাবে ডিচেম্বৰ মাহটো ধার্য কৰা হৈছে বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । বিটিচি নিৰ্বাচনৰ বাবে ৬ অক্টোবৰত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হ'ব ৷ ৭ অক্টোবৰত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ডিচেম্বৰ মাহলৈ বিটিচি নিৰ্বাচনৰ সম্ভাৱনা প্ৰকট

বৃহস্পতিবাৰে কন্যকাৰ এখন ব্যামাগাৰ উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত অনুষ্ঠানত মন্ত্ৰী শৰ্মাই কয় যে "অক্টোবৰ আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত নকৰাটো কোনো ৰাজনৈতিক কথা নহয় ৷ স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি, যদি অক্টোবৰ আৰু নৱেম্বৰ মাহলৈ পৰিস্থিতি সাধাৰণ হয় তেন্তে ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট ।"

লগতে পঢ়কঃ দিবন ডেকা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া

আনহাতে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ অনুমোদনসমূহৰ পিছত যুগ যুগ ধৰি অসমত বসবাস কৰি অহা ভাৰতীয় গোৰ্খা নেপালী সকল চিন্তিত হোৱাৰ কাৰণ নাই বুলি মন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত ব্যক্ত কৰে । মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ বিদ্যালয়সমূহ 1 নবেম্বৰৰ পৰা খোলাৰ কথা সদৰি কৰি অক্টোবৰৰ শেষৰ ফালে ৰাজ্যত কৰ'ণা পজিটিভৰ হাৰ কমিব বুলিও আশা প্ৰকাশ কৰে । আনহাতে ৰাজ্যৰ আৰক্ষী উপ পৰিদৰ্শক কেলেংকাৰীৰ তদন্ত সঠিক দিশত আগবাঢ়িছে বুলিও অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.