তেজপুৰ, ১৬ মেঃ ৰঙাপৰাঃ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ভকতগাঁৱত সমূহীয়া বিবাহ অনুষ্ঠিত হয়। ইয়াকে লৈ গাঁওখনত পুৱাৰে পৰা এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আয়তী সকলৰ বিয়া নাম আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰে চাৰিদুৱাৰ অঞ্চল মুখৰিত হৈ পৰে। উল্লেখ্য যে,আৰ্থিক তথা সামাজিক কেতবোৰ কাৰণত বিয়াত বহিবলৈ অসমৰ্থ একাংশ লোকক সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰি সহায় কৰিলে ভকতগাওঁবাসী ৰাইজে। উক্ত কাৰ্যৰ বাবে ভকত গাঁওবাসী ৰাইজক সকলোৱে ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছে। এই বিবাহ অনুষ্ঠানত দহগৰাকী দৰা কইনাক বিয়া পাতি দিয়া হয় ৷
লগতে আন এাটা বাতৰি - সফলতাৰ বাবে লাগে মাথো একাণপতীয়া প্ৰচেষ্টা