ETV Bharat / state

ISIS-ৰ দৰে সন্ত্ৰাসবাদী সংগঠনে বিশেষ সুযোগৰ সন্ধানত খোপনি পুটিছে অসমত : ৰাজ্যপাল জগদীশ মুখী

author img

By

Published : Nov 28, 2019, 7:46 PM IST

তেজপুৰত ISIS ৰ সন্দৰ্ভত ৰাজ্যপাল জগদীশ মূখীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ কেন্দ্ৰীয় চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী সবল নীতিক প্ৰশংসা ৰাজ্যপাল গৰাকীৰ ৷

Governer of Assam comment on ISIS at Tezpur
তেজপুৰত ISIS ৰ সন্দৰ্ভত মন্তব্য ৰাজ্যপাল জগদীশ মূখীৰ

তেজপুৰ,২৮ নৱেম্বৰ: তেজপুৰত উপস্থিত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মূখী ৷ বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ তেজপুৰৰ তিনিখন চিকিৎসালয়, তেজপুৰ মেডিকেল কলেজ, কনকলতা অসামৰিক চিকিৎসালয় আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰে ৰাজ্যপাল গৰাকীয়ে ৷ পৰিদৰ্শনৰ অন্তত চিকিৎসালয় আৰু মানসিক স্বাস্থ্য প্ৰতিষ্ঠান খনত থকা আসোঁৱাহ সমূহ দূৰ কৰিবৰ কাৰণে সময় নিৰ্ধাৰিত পদক্ষেপ লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে প্ৰফেছৰ জগদীশ মূখীয়ে ।

আনহাতে উপৰিও ISIS ৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত জগদীশ মুখীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী সবল নীতি আৰু কঠোৰ স্থিতিৰ বাবেই আজি ISIS ৰ দৰে কূটাঘাটকাৰী সংগঠনৰ নেতৃত্বক কাৰায়ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ লগতে ISIS ৰ দৰে সন্ত্ৰাসবাদী সংগঠনে বিশেষ সুযোগৰ সন্ধানত অসমৰ কিছুমান ঠাইত এইদৰে আশ্ৰয় লয় বুলি মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ৷

লগতে পঢ়ক : ডিটেনশ্যন কেম্পৰ পৰা মুছলমান লোকে উলিয়ালে হিন্দু ব্যক্তিক

Intro:তেজপুৰ,২৮ নৱেম্বৰ: অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি তেজপুৰত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে কেন্দ্ৰীয় চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী সবল নীতিৰ আৰু কঠোৰ স্থিতিৰ বাবে আজি ISIS ৰ দৰে কূটাঘাটি সংগঠনৰ নেতৃত্বক কাৰায়ত কৰিবলৈ সক্ষম হৈছে ।

Body:ৰাজ্যপাল প্ৰফেছৰ মুখীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ স্হিতিক শলাগ লয় আৰু সেইবাবেই সন্ত্ৰাসবাদ দমন কৰিবলৈ সক্ষম হৈছে । ISIS ৰ দৰে সন্ত্ৰাসবাদ অসমত বিশেষ সুযোগৰ সন্ধানত কিছুমান ঠাইত এইদৰে আশ্ৰয় লয় ।
Bite: অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মূখী ।

Conclusion:আজি তেজপুৰৰ তিনিখন চিকিৎসালয় তেজপুৰ মেডিকেল কলেজ, কনকলতা চিভিল হস্পিতাল আৰু লোক প্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্ত্ৰ প্ৰতিষ্ঠা ভ্ৰমণ কৰি প্ৰফেছৰ মুখীয়ে কয় যে আসোঁৱাহ সমূহ দূৰ কৰিবৰ কাৰণে সময় নিৰ্ধাৰিত পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
২৮/১১/১৯

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.