ETV Bharat / state

তেজপুৰৰ বিসৰ্জনস্থলীত প্ৰতীকি দুৰ্গা বিসৰ্জন

author img

By

Published : Oct 26, 2020, 5:21 PM IST

তেজপুৰৰ অন্যতম বাণ থিয়েটাৰৰ পূজাত প্ৰত্যেক বছৰে দেৱীৰ মূৰ্তি স্থাপন কৰি পূজা অনুষ্ঠিত কৰা হয় যদিও এইবাৰ চৰকাৰী নিৰ্দেশনা মানি অনুষ্ঠিত কৰে ঘট পূজা ৷

Ghot puja bisarjan at tezpur assam etv bharat news
তেজপুৰৰ বিসৰ্জনস্থলীত প্ৰতীকি দুৰ্গা বিসৰ্জন

তেজপুৰ,26 অক্টোবৰ: সোমবাৰে অন্ত পৰে দেৱী দশভূজাৰ পূজা-অৰ্চনা ৷ আজি বিজয়া দশমী ৷ এইবেলি কোভিড 19 ৰ পৰিপ্ৰেক্ষিতত তেজপুৰৰ বহুকেইখন মণ্ডপত মূৰ্তি পূজাৰ সলনি প্ৰতীকি দুৰ্গা পূজা অনুষ্ঠিত হৈছিল ৷ চহৰখনৰ প্ৰায় সংখ্যক পূজা কমিটিয়ে চৰকাৰী নীতি-নিৰ্দেশনা মানি অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা ৷ তেজপুৰৰ অন্যতম বাণ থিয়েটাৰৰ পূজাত প্ৰত্যেক বছৰে দেৱীৰ মূৰ্তি স্থাপন কৰি পূজা অনুষ্ঠিত কৰা হয় যদিও এইবাৰ চৰকাৰী নিৰ্দেশনা মানি অনুষ্ঠিত কৰে ঘট পূজা ৷

উল্লেখ্যে যে,বিজয়া দশমী উপলক্ষে জাহাজঘাটৰ দেৱী বিসৰ্জন কাৰ্যসূচীৰ তদাৰক কৰি আছে নদী আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনীয়ে ৷ জিলা প্ৰশাসনে নিৰ্মাণ কৰি দিয়া এই ঘাটত আৰক্ষীয়ে মাত্ৰ পাঁচগৰাকী পূজা কমিটিৰ লোকক প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে ৷

লগতে চাওকঃ অশ্ৰুসিক্ত নয়নেৰে মঙলদৈবাসীয়ে বিদায় জনালে দুৰ্গতিনাশিনীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.