তেজপুৰ, ৩০ মাৰ্চ: 75 বছৰত ভৰি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে (75 years of Gauhati High Court) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে অন্য জিলাসমূহৰ লগতে শোণিতপুৰ জিলাটো জিলা ন্যায়পালিকাৰ অধীনত বিভিন্ন কাৰ্যসূচীৰে এই বিশেষ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে ( Platinum Jubilee of Gauhati High Court) ৷ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অহা ২০২৩ চনৰ ৫ এপ্ৰিলত তেজপুৰ মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে এক বিশেষ আইন বিষয়ক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা চেচন ন্যায়াধীশ নিশান্ত গোস্বামীয়ে এক সংবাদমেলযোগে কয় যে, এই অনুষ্ঠানত তেজপুৰৰ ডি আৰ এলৰ সঞ্চালক ড৹ ডি ভি কম্বোজ, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকা, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি অন্য আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰিব (Platinum Jubilee program in sonitpur ) । এই বক্তৃতা অনুষ্ঠানত বাল্যবিবাহ সম্পৰ্কীয় আইন, ন্যায় প্ৰশাসনত অধিবক্তাৰ ভূমিকা, কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন, নাগৰিকৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা, লিংগ সংবেদনশীলতা আদি বিভিন্ন বিষয় সামৰি লোৱা হ’ব ।
ইয়াৰোপৰি এই অনুষ্ঠানত শোণিতপুৰ জিলা ন্যায়পালিকাৰ জ্যেষ্ঠ বিষয়াবৰ্গ, জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈ, অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, এন গোস্বামী, অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া, অৰুণা দেৱী, তেজপুৰ উকীল সন্থাৰ সভাপতি, মঃ এছ ই আলম, তেজপুৰ উকীল সন্থাৰ অধিবক্তা, পি এছ ছেঠীয়ে বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিব ।
ইয়াৰ পিচতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷ উল্লেখ্য যে, এই মহাৰজত জয়ন্তী উদযাপনৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত বাল্যবিবাহ আৰু মহিলা সবলীকৰণৰ ওপৰত আইনী সজাগতা কাৰ্যসূচীৰ লগতে গছপুলি ৰোপন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।
স্মৰ্তব্য যে ভাৰতৰ স্বাধীনতাৰ ১৯৪৭ চনৰ ৯ চেপ্টেম্বৰত পিচত অসম বিধানসভাই অসমত এখন উচ্চ ন্যায়ালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯৪৮ চনৰ ১ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কৰা হয় ৷ ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড ৰাজ্য সৃষ্টি হোৱাৰ পিচত ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। ১৯৭১ চনত "উত্তৰ পূব এলেকা (পুনৰ্সংগঠন) অধিনিয়ম, ১৯৭১"ৰ অধীনত ইয়াক "গুৱাহাটী উচ্চ ন্যায়ালয়" বুলি নামাকৰণ কৰা হয়।
১৯৪৮ চনৰ ৫ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্বোধন কৰে । একেদিনাই ছাৰ ৰণাল্ড ফ্ৰাঞ্চিছ লজক অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱা হয়।
লগতে পঢ়ক: Lovlina Borgohain: বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা