ETV Bharat / state

Air Marshal PK Barbora Passes Away : ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী অসমীয়া শীৰ্ষ বিষয়া পি কে বৰবৰাৰ দেহাৱসান - Air Marshal Pranab Kumar Barbora

ভাৰতীয় বায়ুসেনাৰ প্ৰথমজন শীৰ্ষ অসমীয়া বিষয়া প্ৰণৱ কুমাৰ বৰবৰাৰ মৃত্যু ৷ দিল্লীৰ আৰ এণ্ড আৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল বৰবৰা ৷ ১৯৭০ চনৰ ১৩ জুনত যুঁজাৰু পাইলট হিচাবে নিযুক্তি লাভ কৰিছিল ৷

Air Marshal PK Barbora Passes Away
পি কে বৰবৰাৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:06 PM IST

তেজপুৰ, ৩০ অক্টোবৰ : ভাৰতীয় বায়ু সেনা বাহিনীৰ অসমৰ প্ৰথমজন শীৰ্ষ বিষয়া প্ৰণৱ কুমাৰ বৰবৰা আৰু নাই । চুবুৰীয়া ৰাজ্য মেঘালয়ত জন্মগ্ৰহণ কৰা বায়ু সেনাৰ প্ৰাক্তন এয়াৰ মাৰ্শ্বালগৰাকীয়ে ১৯৭০ চনৰ ১৩ জুনত যুঁজাৰু পাইলট হিচাবে আই এ এফত কমিচন লাভ কৰে ৷

উল্লেখ্য যে, ১৯৫০ চনৰ ১০ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ কুমাৰ বৰবৰা বিগত সময়চোৱাত দিল্লীৰ আৰ এণ্ড আৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ এয়াৰ মাৰ্শ্বাল প্ৰণৱ কুমাৰ বৰবৰাই ১৯৭০ চনৰ ১৩ জুনত ভাৰতীয় বায়ুসেনা (আই এ এফ)ত কমিচন পোৱাৰ সময়ত যুঁজাৰু পাইলট হিচাবে যাত্ৰা আৰম্ভ কৰিছিল ৷ প্ৰাক্তন এয়াৰ মাৰ্শ্বালগৰাকীয়ে ৩,৫০০ তকৈ অধিক ঘণ্টাতকৈও অধিক সময় যুঁজাৰু বিমান উৰুওৱাৰ অভিজ্ঞতা লাভ কৰিছিল ।

বায়ুসেনাৰ প্ৰাক্তন উপ-মুখ্য প্ৰধান এয়াৰ মাৰ্শ্বাল বৰবৰাই ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধতো অংশগ্ৰহণ কৰিছিল । তেওঁ প্ৰথম জাগুয়াৰ স্কোয়াড্ৰনক অন্তৰ্ভুক্ত কৰা আই এ এফৰ দলৰ সদস্য আছিল আৰু লগতে আই এ এফৰ প্ৰথম এয়াৰ কম্বেট চিমুলেটৰ, এছিয়াত এইধৰণৰ প্ৰথমটো দলৰ বায়ুসেনা বিষয়া আছিল ।

এয়াৰ মাৰ্শ্বাল পি কে বৰবৰাৰ গুৰুত্বপূৰ্ণ ভূমিকাসমূহৰ ভিতৰত আছিল মিগ-২১ স্ক্ৱাড্ৰনৰ কমাণ্ডিং, যুঁজাৰু বিমান ঘাটিৰ মুখ্য অপাৰেচন বিষয়া হিচাপে কাম কৰা, আৰু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ ভিতৰত এটা ডাঙৰ যুঁজাৰু বিমান ঘাটিৰ বাবে এয়াৰ অফিচাৰ কমাণ্ডিং হিচাবে নেতৃত্ব দিয়া । তেওঁৰ কেৰিয়াৰত আন্তঃৰাষ্ট্ৰীয় দায়িত্ব আৰু অধিক আছিল, কিয়নো তেওঁ মস্কোত থকা ভাৰতৰ দূতাবাসত এয়াৰ এটেচেৰ পদত অধিষ্ঠিত হৈছিল । ইয়াৰ পাচত তেওঁ এইচ কিউ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফৰ সহকাৰী প্ৰতিৰক্ষা কৰ্মচাৰী (পাৰ্ছপেক্টিভ প্লেন আৰু বাহিনী গঠন) হিচাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

এয়াৰ মুখ্য কাৰ্যালয়ত সহকাৰী বিমান কৰ্মচাৰী (পৰিদৰ্শন)ৰ ভূমিকাও গ্ৰহণ কৰিছিল প্ৰণৱ কুমাৰ বৰবৰাই । তেওঁৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চিফ (এ অ’ চি-ইন-চি) পদ গ্ৰহণ কৰাৰ পূৰ্বে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ জ্যেষ্ঠ এয়াৰ ষ্টাফ অফিচাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ দৃষ্টান্তমূলক সেৱাৰ পাচত ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ড (ডব্লিউ এ চি)ৰ এ অ’ চি-ইন-চি হয় ।

লগতে পঢ়ক: Defense minister in Tezpur: প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মুখত অসম ৰেজিমেণ্টৰ ঐতিহাসিক গীত পৰিৱেশন তেজপুৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.