ETV Bharat / state

আৰতি তুৰিৰ বাসগৃহত ফ’ৰেনছিকৰ দল - SIT গঠনৰ ঘোষণা

বনকৰা কিশোৰী আৰতি তুৰিৰ ঘটনাৰ নতুন মোৰ ৷ বৃহস্পতিবাৰে পুৱাই শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ আৰতি তুৰিৰ বাসগৃহত ফ’ৰেনছিকৰ দল উপস্থিত হৈ মৃতদেহটো পুনৰ খান্দি উলিয়াই GMCHলৈ প্ৰেৰণ কৰে( Forensic team in Arati Turi home)৷

Forensic team in Arati Turi home
আৰতি তুৰিৰ বাসগৃহত ফৰেনছিকৰ দল
author img

By

Published : Aug 25, 2022, 12:04 PM IST

Updated : Aug 25, 2022, 12:32 PM IST

শোণিতপুৰ, 25 আগষ্ট: বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যুৰ নতুন মোৰ ৷ বৃহস্পতিবাৰে ঢেকীয়াজুলিত আৰতি তুৰিৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে উপস্থিত হয় এটা ফ’ৰেনছিকৰ দল (Dhekiajuli Minor Girl Dead) ৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ আৰতি তুৰিৰ বাসগৃহত ফ’ৰেনছিকৰ দলটো উপস্থিত হয় ৷

দলটোৰ নেতৃত্বত দিছিল CIDৰ SP কল্যাণ ফুকনে ৷ ৭জনীয়া ফৰেনছিকৰ দলটোত আছিল ২জন GMCHৰ চিকিৎসকো ৷ IGP (CID) দেৱৰাজ উপাধ্যায়ৰ নেতৃত্বত গঠিত ৫ জনীয়া তদন্তকাৰী দলটোৱে দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে প্ৰায় ডেৰঘন্টা সময় বাৰ্তালাপ কৰি তথ্য আহৰণ কৰে ৷

ইতিমধ্যে কিশোৰীগৰাকীৰ মৃতদেহ ফ’ৰেনছিকৰ দলটোৱে গাঁত খান্দি উলিয়াই আনি GMCHলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতে তদন্তকাৰী দলটো দৰংৰ ধুলা আৰক্ষী থানা আৰু অভিযুক্ত কৃষ্ণ কমল বৰুৱাৰ গৃহত উপস্থিত হৈ এই ঘটনাৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে । শাৰীৰিক নিৰ্যাতনৰ বলি হৈ কিশোৰীগৰাকীৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছিল ৷ যোৱা ১১ জুনত দৰঙ জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বন কৰা কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল।

ঢেকীয়াজুলিত সাংবাদিকৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকে তদন্তকাৰী দলটো ৷তদন্তকাৰী দলটো উপস্থিত হোৱাত উচিত ন্যায় আশা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ১৩ বছৰীয়া আৰতিৰ মৃতদেহ ৷ এই ঘটনাৰ তদন্তৰ পিছতে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল ৷ আৰতি তুৰিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠনৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰ পিছতো মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনাকো আওকাণ কৰি ঘটনাৰ তদন্ত নকৰাত দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী নিলম্বিত হ’বলগীয়া হয় ৷

লগতে পঢ়ক: Dhekiajuli Minor Girl Dead, দৰং আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Last Updated : Aug 25, 2022, 12:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.