তেজপুৰ, ১৬ মে': বিশ্বনাথ জিলাৰ গহপুৰৰ লোহিতমুখ অঞ্চলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 77.54 ছেণ্টিমিটাৰলৈ বৃদ্ধি পোৱাৰ ফলত নামনি অংশ অস্বাভাৱিক ভাবে প্লাবিত হৈ পৰিছে । তেজপুৰৰ ডিপোতা নদীৰ বাঢ়নী পানীয়ে বাঁহবাৰী পঞ্চায়তৰ কেবাখনো গাঁও জলমগ্ন হৈ পৰাৰ লগতে পঞ্চায়তৰ অধীনত এটা পথৰ কিছু অংশ ছিগি যায় (Flood situation turns grim in north Assam) ।
আনহাতে জৰাসৰ নৈৰ পানীয়ে বালিপৰাৰ এখন দলং উটুৱাই নিয়ে আৰু জৰাসৰ নৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মূল দলংখনৰ কিছুঅংশৰ বিস্তৰ ক্ষতি হয় যদিও বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনে নিশাৰ ভিতৰতে ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ তৎপৰতাত মেৰামতি কৰিবলৈ সক্ষম হয় ।
![Flood in northern Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-16may-02-pix-floodrainfall-pranabkumardas-7203907_16052022125403_1605f_1652685843_1078.jpg)
আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১৮ মে'লৈকে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত বৰষুণ থাকিব । আনহাতে শোণিতপুৰ জিলাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত 62.22 ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ৷ বিশ্বনাথত 64.51 ছেণ্টিমিটাৰ ওপৰেৰে, অৰুণাচল প্ৰদেশৰ পাছিঘাটত 150.91 ছেণ্টিমিটাৰ ওপৰেৰে, তেজুত 190.15 ছেণ্টিমিটাৰ ওপৰেৰে, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 104.88 ছেণ্টিমিটাৰ আৰু গহপুৰৰ লোহিতমুখত 77.54 ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ আজিৰ জাননীত প্ৰকাশ ।
![Flood in northern Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-16may-02-pix-floodrainfall-pranabkumardas-7203907_16052022125403_1605f_1652685843_1086.jpg)
আনহাতে জিয়াভৰলী নদী শোণিতপুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্নত 76.93 ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ আৰু জীয়াভৰলী নদীৰ উপ-নৈসমূহৰ জলস্তৰ ফেনে ফুটুকাৰে বৃদ্ধি পাইছে (Flood in northern Assam) ৷ বেলশিৰী, গাভৰু, ডিপোতা আৰু গহপুৰৰ চত্ৰং, সোলেঙী আৰু চেঁচা নৈৰ পানীয়ে ইতিমধ্যে বিস্তৰ অঞ্চল প্লাবিত কৰিছে । বিগত ২৪ ঘণ্টাত তেজপুৰত বৰষুণৰ পৰিমাণ 83.40 মিলিমিটাৰ আৰু গহপুৰত 95.80 মিলিমিটাৰলৈ বৃদ্ধি পাইছে ।
![Flood in northern Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-16may-02-pix-floodrainfall-pranabkumardas-7203907_16052022125403_1605f_1652685843_522.jpg)
লগতে চাওক: চত্ৰং নৈৰ বানত বুৰিছে গহপুৰ