ৰঙাপাৰা, 28 জুলাইঃ শোণিতপুৰ জিলাৰ মাজেৰে বৈ যোৱা মানশিৰি নৈৰ বাঢ়নি পানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বাৰিষাৰ মুষলধাৰ বৰষুণৰ বাবে নৈখনৰ জলপৃষ্ঠই ইতিমধ্যেই বিপদসীমা অতিক্ৰম কৰাত পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে এইবাৰ বানৰ কবলত পৰিছে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত তিনিখন গাঁও ৷ নদীখনৰ বানে বুৰাই পেলাইছে গুদামঘাট কছাৰী, অকাবস্তি মিৰিগাঁও আৰু অকাবস্তি বঙালী গাঁৱৰ বাসগৃহ তথা বিস্তীৰ্ণ কৃষিভূমি ৷
বানৰ কবলত শোণিতপুৰৰ গুদামঘাট: জলমগ্ন কৃষিভূমি-আৱাসগৃহ - Mansiri river flood
শোণিতপুৰৰ ৰঙাপাৰাত মানশিৰি নদীৰ বাঢ়নি পানীয়ে চলাইছে তাণ্ডৱ ৷ প্লাৱিত তিনিখনকৈ গাঁঁও

বানৰ কবলত শোণিতপুৰৰ গুদামঘাট: প্লাৱিত কৃষিভূমি আৱাসগৃহ
ৰঙাপাৰা, 28 জুলাইঃ শোণিতপুৰ জিলাৰ মাজেৰে বৈ যোৱা মানশিৰি নৈৰ বাঢ়নি পানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বাৰিষাৰ মুষলধাৰ বৰষুণৰ বাবে নৈখনৰ জলপৃষ্ঠই ইতিমধ্যেই বিপদসীমা অতিক্ৰম কৰাত পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে এইবাৰ বানৰ কবলত পৰিছে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত তিনিখন গাঁও ৷ নদীখনৰ বানে বুৰাই পেলাইছে গুদামঘাট কছাৰী, অকাবস্তি মিৰিগাঁও আৰু অকাবস্তি বঙালী গাঁৱৰ বাসগৃহ তথা বিস্তীৰ্ণ কৃষিভূমি ৷
বানৰ কবলত শোণিতপুৰৰ গুদামঘাট: প্লাৱিত কৃষিভূমি আৱাসগৃহ
বানৰ কবলত শোণিতপুৰৰ গুদামঘাট: প্লাৱিত কৃষিভূমি আৱাসগৃহ
Intro:শোণিতপুৰৰ গুদামঘাট বানপানীৰ কবলতঃ কৃষি ভূমি, আৱাসগৃহ পানীৰ তলত।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মাজেৰে বৈ যোৱা মানশিৰি নৈখন ফেনে-ফোটোকাৰে বাঢ়ি থকাত ন ন অঞ্চল প্লাৱিত কৰি তুলিছে চাৰিদুৱাৰ মৰিসূঁতি, গড়মাৰা আদি গাঁও বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ পাছত এইবাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত তিনিখন গাঁও বানৰ কবলত পৰিছে। মানশিৰি নৈৰ বাঢ়নি পানীয়ে গুদামঘাট কছাৰী, অকাবস্তি মিৰিগাঁও আৰু অকাবস্তি বঙালী গাঁওখন বুৰাই পেলাইছে। ইফালে, নদীখনৰ বাঢ়নি পানীয়ে বাসগৃহ পানীৰ তলত বুৰ যোৱা ওপৰিও কৃষিভূমি ক্ষতি সাধন হৈছে। বানৰ কবলত পৰা বন্যাৰ্তৰক খৱৰ লবলৈ জনপ্ৰতিনিধিৰ আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে। ইপিনে, অঞ্চলটোত পশু খাদ্যৰ নাটনিয়ে দেখা দিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .