তেজপুৰ, ২৫ ফেব্ৰুৱাৰী : মানুহ মাত্ৰেই চখো ভিন্ন ভিন্ন ৷ প্ৰতিগৰাকী লোকেই নিজৰ চখসমূহ পূৰণ হোৱাটো বিচাৰে ৷ কিন্তু কিছুমান চখ মানুহৰ বাবে হিতে বিপৰীত হোৱাৰ দৰেহে হয় ৷ এইবাৰ তেজপুৰত নিজৰ চখ পূৰাবলৈ গৈ আৰক্ষীৰ জালত পৰিল ইউটিউবাৰ হিমাংশু কলিতা (Fake police arrested in Tezpur) ৷ কেৱল নিজা সন্তুষ্টিয়েই নহয় অন্য এজন লোকক চাকৰি দিবলৈ গৈ ৰঙাঘৰলৈ যোৱাৰ যো জা চলাইছে হিমাংশুৱে ৷
ঘটনাৰ বিৱৰণী অনুসৰি তেজপুৰ ২নং কলিতা গাঁৱৰ হিমাংশু কলিতা নামৰ যুৱকজনে সৰুৰে পৰাই এগৰাকী আৰক্ষী বিষয়াৰ হোৱাৰ সপোন দেখিছিল (Fake police officer arrested) ৷ কিন্তু নৱম শ্ৰেণীতে শিক্ষা সমাপ্ত কৰি মনৰ আশাবোৰ মনতেই সাঁচি ৰাখিছিল হিমাংশুৱে ৷ লাহে লাহে ডাঙৰ হৈ এজন ইউটিউবকে নিজৰ পেছা হিচাপে বাচি লৈছিল হিমাংশুৱে ৷ তেতিয়ালৈকে সকলোখিনি ঠিকেই আছিল ৷
কিন্তু হঠাৎ হিমাংশুৰ মনত পুনৰ দোলা দিলে সৰুকালৰ সপোনটোৱে (Youtuber Himanshu Kalita arrested) ৷ অৰ্থাৎ নিজকে আৰক্ষী বিষয়া হিচাপে চোৱাৰ সপোন এতিয়াও পাহৰা নাছিল হিমাংশুৱে ৷ সেইবাবে মনতে এটা পৰিকল্পনা কৰিলে হিমাংশুৱে ৷ অনলাইনযোগে অৰ্ডাৰ দিলে এজোৰ আৰক্ষীৰ পোছাক ৷ অৰ্ডাৰ ৰিচিভ কৰিয়েই আৰক্ষীৰ পোছাকজোৰ পিন্ধি মুহুৰ্তৰ ভিতৰতে হিমাংশু হৈ পৰিল এজন আৰক্ষী বিষয়া ৷ আৰক্ষী বিষয়া হৈছে যেতিয়া এজন দেহৰক্ষী ৰক্ষাটো অত্যন্ত জৰুৰী ৷
এই কথা চিন্তা কৰিয়েই হিমাংশুৱে চৰাইদেউ জিলাৰ নাহৰপুখুৰী চাংমাই গাঁৱৰ ভাস্কৰ বৰুৱাক মাতি পঠিয়ায় দেহৰক্ষী নিযুক্তিৰ বাবে ৷ হিমাংশুৱে ভাস্কৰৰ লগত কথা পতা অনুসৰি ভাস্কৰক পিতৃ আৰু আত্মীয়ৰ সৈতে হিমাংশুক লগ কৰে ৷ কিন্তু হিমাংশুৰ ব্যৱহাৰত ভাস্কৰৰ পৰিয়ালৰ লোকৰ সন্দেহৰ সৃষ্টি হোৱাত হিমাংশুক তেজপুৰ সদৰ থানলৈ লৈ যাবলৈ অনুৰোধ জনায় ৷ ইফালে কোনোপধ্যেই থানালৈ যাবলৈ মান্তি নহয় হিমাংশু (Fraud job scam) ৷
লগে লগে তেওঁলোকৰ সন্দেহ আৰু দৃঢ় হোৱাত দুই পক্ষৰ মাজত টনা আজোৰা লাগে ৷ এই ঘটনা দেখি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পিচতে স্থানীয় লোকৰ সহযোগত স্থানীয় আৰক্ষীয়ে হিমাংশুক কৰায়ত্ত কৰে ৷
অভিযোগ অনুসৰি, ধৃত হিমাংশুৱে চাকৰি দিয়াৰ নামত ধনো সৰকাইছিল চৰাইদেউৰ ভুক্তভোগী যুৱকজনৰপৰা ৷ সম্প্ৰতি তেজপুৰ কছাৰী চকীত (Tezpur Kachari Chawki) ধৃত হিমাংশুক জেৰা চলাই আছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: Protest Against Eviction : উচ্ছেদিত লোকৰ কাষত সাংসদ অজিত ভূঞা, মুখ্যমন্ত্ৰীলৈ হুংকাৰ