ETV Bharat / state

ক্ৰমাৎ বিলুপ্তিৰ পথত অসমীয়া জাতিৰ স্বাভিমান - ETV BHARAT

অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ জাপিৰ নিৰ্মাণকাৰ্য ক্ৰমাৎ হ্ৰাস পাইছে শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিলগত অৱস্থিত জাপি সজিয়া গাঁৱত । পূৰ্বপুৰুষৰ পৰা চলি অহা এই প্ৰথা নাইকিয়া হৈ অহাত লঘু উদ্যোগটি প্ৰায় মৃতপ্ৰায় হৈ পৰিছে ।

ASSAMESE JAAPI
author img

By

Published : Apr 20, 2019, 6:26 PM IST

তেজপুৰ, ২০ এপ্ৰিল: শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিলগত অৱস্থিত জাপি সজিয়া গাঁৱত ক্ৰমাৎ হ্ৰাস পাইছে জাপিৰ নিৰ্মাণ । অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ এই জাপি অসমীয়া জন - জীৱনত সদা প্ৰয়োজনীয় । বিভিন্ন অনুষ্ঠানত ব্যক্তিক সন্মান প্ৰদৰ্শনৰ পৰা আদি কৰি খেতি - বাতিৰ সময়তো কৃষকৰ অতি প্ৰয়োজনীয় আহিলা হৈছে জাপি । কিন্তু কালক্ৰমত জাপিৰ কাৰখানাস্বৰূপ জাপি সজিয়া গাঁৱতো হ্ৰাস পাইছে ইয়াৰ নিৰ্মাণকাৰ্য । এটা সময়ত বৃত্তি হিচাপে গ্ৰহণ কৰা এই নিৰ্মাণ কাৰ্যক ক্ৰমান্নয়ে ত্যাগ কৰিছে গাঁৱৰ লোকসকলে । এতিয়া গাঁওখনত প্ৰায় 5 জন লোকেহে পূৰ্বপুৰুষৰ এই প্ৰথা ধৰি ৰখাৰ চেষ্টা চলাই আহিছে ।

ETV BHARAT
EXTINCTION OF ASSAMESE HANDICRAFT INDUSTRY

উল্লেখযোগ্য যে, বনাঞ্চল ধ্বংসৰ ফলত বৰ্তমান এই লোকসকলে কেঁচা সামগ্ৰীৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে । এই লঘু উদ্যোগটি জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা হাতত নোলোৱাত এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ব্যৱসায়ীসকল ।

Intro:তেজপুৰ,২০এপ্ৰিল: অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ জাপিৰ প্ৰয়োজন সকলো সময়তে।ৰাজনৈতিক দল সংগঠনৰ পৰা বিভিন্ন ক্ষেত্ৰৰ এজন ব্যক্তিক সন্মান প্ৰদৰ্শন কৰিবলৈ এই জাপি ব্যৱহাৰ কৰা হয় । এই জাপিৰ কাৰখানা স্বৰূপ শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিলগত এখন গাঁও জাপি সজিয়া গাঁও ।অতীতত এই গাঁও খনৰ সকলো লোকে জাপি সাজিছিল ।কিন্তু কাল ক্ৰমত এই গাঁও খনৰ অধিকাংশ লোকে এই বৃত্তি সময়ৰ লগে লগে পৰিহাস কৰিলে আৰু মাত্ৰ বৰ্তমান কেই ঘৰমান লোকে এই কাম ধৰি ৰাখিছে ।

Body:বিহুৰ পৰা আৰম্ভ কৰি সকলো সময়তে সভা সমিতি ত এই জাপিৰে সন্মান প্ৰদৰ্শন কৰা হয় । কিন্তু এই লোক সকলে বৰ্তমান এই মহান প্ৰবৃত্তি ৰ লুপ্ত হোৱাৰ ভয়তে চিন্তিত হৈ পৰিছে ।ৰজা ঘড়ীয়া ধাম খুমীয়া ৰ গৰাহঁত চৰকাৰী সা সুবিধা ৰ পৰা বঞ্চিত এই লঘু উদ্যোগৰ লোক সকলে ।
Bite:নাৰায়ণ দাস।

Conclusion:উল্লেখযোগ্য যে বনাঞ্চল ধংস ৰ ফলত বৰ্তমান এই সকল লোকে হাহাকাৰ কৰিব লগাত পৰে কেঁচা সামগ্ৰী বিছাৰি ।কিয়নো এই জাপি সজা হয় টকৌ পাটৰে, কিন্তু এই পাত এতিয়া সহজ লভ্য নহয় যাৰ বাবে চাহিদা পূৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হব লগা হৈছে এই লোক সকলৰ । কিন্তু প্ৰশ্ন হয় ৰাজ্য চৰকাৰে এই সকল লোকক কেনে ধৰণৰ সুবিধা প্ৰদান কৰিব এই ক্ষুদ্ৰ উদ্যোগটি জীয়াই ৰাখিবলৈ ।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
২০/৪/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.