ETV Bharat / state

বিশ্বনাথৰ গহপুৰত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

author img

By

Published : Aug 25, 2020, 10:16 AM IST

Updated : Jan 20, 2021, 11:14 AM IST

বিশ্বনাথৰ লোহিতমুখৰ ২০ খনৰো অধিক গাঁও এতিয়া লুইতৰ বুকুত ৷ উপায়হীন হৈ অঞ্চলটোৰ ৰাইজে ঢাপলি মেলিছে আন ঠাইলৈ ৷ ৰাজ্যত বান পৰিস্থিতি কিছু হ্ৰাস পাইছে যদিও সমস্যাই লগ এৰা নাই বানাক্ৰান্ত ৰাইজৰ ৷ প্ৰশাসনৰ বিপৰীতে সমাজৰত্ন তথা গহপুৰৰ সমাজকৰ্মী গোপাল শইকীয়াৰ সাহাৰ্য বানাক্ৰান্ত ৰাইজক ৷

erosion in Biswanath
বিশ্বনাথত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

তেজপুৰ, ২৪ আগষ্ট : এসময়ত শস্য আৰু মৎস্যৰে ভৰপূৰ হৈ থকা বিশ্বনাথৰ লোহিতমুখৰ ২০ খনৰো অধিক গাঁও এতিয়া লুইতৰ বুকুত ৷ বালিৰ তৰপেৰে আৱৰি ধৰিছে ৰাইজৰ মাটি-ভেটি ৷ উপায়হীন হৈ অঞ্চলটোৰ ৰাইজে ঢাপলি মেলিছে আন ঠাইলৈ ৷ গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই পেলোৱা ৰাইজে নেদেখাজনৰ ওচৰত কৰিছে প্ৰাৰ্থনা ৷

বিশ্বনাথত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

ইফালে, গহপুৰৰ দক্ষিণ-পশ্চিম অঞ্চলৰ লোহিতমুখৰ পিছলাতো গৰাখহনীয়াই ব্যাপক ক্ষতিসাধন কৰাৰ লগতে কুটুম ভলুকাগুৰি গাঁওখন প্ৰায় নিঃশেষ হোৱাৰ পথত ৷ চৰকাৰে নিৰ্মাণ কৰা কোটি টকীয়া মথাউৰিয়েও ৰক্ষা কৰিব নোৱাৰিলে গহপুৰৰ লোহিতমুখৰ ৰাইজক ৷ ৰাইজৰ অভিযোগ অনুসৰি, বিশ বছৰ পূৰ্বে নিৰ্মাণ কৰা মথাউৰিটো দুৰ্বল হৈ পৰে আৰু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ব্যাপক ক্ষতি সাধন কৰে ৷ যাৰ ফলত কেইবাখনো গাঁও নদীৰ বুকুত বিলীন হৈ যায় ৷ বৰ্তমান ৰাজ্যত বান পৰিস্থিতি কিছু হ্ৰাস পাইছে যদিও সমস্যাই পিছ এৰা নাই বানাক্ৰান্ত ৰাইজৰ ৷ বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ আহৰি নাই, প্ৰশাসনৰ বিপৰীতে গহপুৰৰ স্থানীয় সমাজকৰ্মী তথা সমাজৰত্ন গোপাল শইকীয়াই নিজা প্ৰচেষ্টাৰে বানাক্ৰান্ত অঞ্চল সমূহৰ বিশেষকৈ গহপুৰৰ দক্ষিণ অঞ্চলৰ ৰাইজক কেবালাখ টকাৰ খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় বস্তুৰে সাহাৰ্য আগবঢ়াই ৷ সমাজৰত্ন গোপাল শইকীয়াৰ এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত ৰাইজে ৷

erosion in Biswanath
বিশ্বনাথত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

আনহাতে এই গৰাখহনীয়াৰ ফলত সমষ্টিটোৰ বিভিন্ন স্থানৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতিসাধন হয় ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি,দীৰ্ঘদিনৰ পৰা ভুগি অহা সমস্যা তথা অসুবিধাৰ বুজ ল'বলৈ অঞ্চলটোত উপস্থিত হোৱা নাই কোনো এজন জনপ্ৰতিনিধি ৷

erosion in Biswanath
বিশ্বনাথত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

অন্য এক খবৰৰ বাবে:১০০ জন বিধায়ক জিকাই অনাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Jan 20, 2021, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.