ETV Bharat / state

তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা 8 জন সন্দেহজনক বনুৱাক কৰায়ত্ত

তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা কৰায়ত্ত 8 গৰাকীকৈ সন্দেহজনক নিবনুৱা ৷ ভুৱা আধাৰ কাৰ্ডৰ প্ৰদৰ্শন কৰি কৰ্মত নিয়োজিত হৈছিল 8 শ্ৰমিক ৷ চাৰিওগৰাকী শ্ৰমিককে গ্ৰেপ্তাৰ কৰিলে ছালনিবাৰী আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত ছালনিবাৰী আৰক্ষী চকীত গোচৰ ৰুজু ৷

author img

By

Published : Feb 19, 2021, 10:33 PM IST

As_Tezpur_03__Air_Force _img_7203907
তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা 8 জন সন্দেহজনক বনুৱাক কৰায়ত্ত

তেজপুৰ, 19 ফেব্ৰুৱাৰী: তেজপুৰৰ ভাৰতীয় বায়ুসেনাৰ চাউনিৰ ভিতৰত ভুৱা তথ্যৰে কৰ্মৰত সন্দেহজনক বনুৱাক কৰায়ত্ত ৷ অভিযোগ অনুসৰি এক ভয়ংকৰ জালিয়াতি সংঘটিত কৰি ঠিকাদাৰে চাউনিৰ ভিতৰত এই বনুৱাকেই জনক প্ৰৱেশ কৰোৱাই ৷

দক্ষিণ শালমৰাৰ মানকাছাৰৰ আজগৰ আলি নামৰ এগৰাকীৰ বিৰুদ্ধে ভুৱা নথি তৈয়াৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি আজগৰ আলিৰ জালিয়াতিৰে এম খেতন নামৰ কনট্ৰেক্টৰ জনৰ জৰিয়তে ভুৱা আধাৰ কাৰ্ড প্ৰদৰ্শন কৰি কৰ্মত নিয়োজিত হৈছিল 8 শ্ৰমিক ৷ 8 গৰাকী শ্ৰমিককে শুকুৰবাৰে ছালনিবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

জানিব পৰা মতে আজগৰ আলিয়ে তৈয়াৰ কৰি দিয়া ভুৱা আধাৰ কাৰ্ডৰ নথি তেজপুৰ বায়ুসেনাৰ ঘাটিত ধৰা পৰাত এক হুলস্থুলীয়া পৰিৱেশৰ উদ্ধৱ হয় ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী চকীৰ অধীনত ছালনিবাৰী আৰক্ষী চকীত C/no-374/21 u/s 468/143 ipc ৰ অধীনত এক গোচৰ ৰূজু কৰা হৈছে ৷ অৱশ্যে বায়ুসেনাৰ ঘাটিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ভিতৰত 8 গৰাকীকৈ শ্ৰমিকে কেনেকৈ প্ৰৱেশ কৰিলে সেই কথা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক: অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.