তেজপুৰ, ৩০মে': ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি । দেওবাৰে দিনৰ ২:২৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ আৰু গভীৰতা ১৬ কিলোমিটাৰ ।
ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে । ইতিমধ্যে ৰাজ্যখনত সঘনাই অহা ভূমিকম্পই শংকিত কৰি তুলিছে ৰাজ্যবাসীক । জিলাখনত যোৱা ২৮ এপ্ৰিলৰ পৰা প্ৰায় ৩২ বাৰকৈ সৰু-বৰ ভূমিকম্পই জোকাৰি যায় । ফলস্বৰূপে জনসাধাৰণৰ মাজত আতংকই সৃষ্টি কৰিছে ।
লগতে পঢ়ক: কুখ্যাত গাঞ্জা ব্যৱসায়ী সোনা উদ্দিনক গাঞ্জাসহ আটক