ৰঙাপৰা, 18 ডিচেম্বৰ : ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ পোৱাৰ পিছতেই ৰাজ্যত আৰম্ভ কৰিলে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে প্ৰশাসনে ৷ ইমানৰ পিছতো কিন্তু গা লৰা নাই এচাম ড্ৰাগছ ব্যৱসায়ীৰ ৷
শুকুৰবাৰে নিশা বিশ্বনাথৰ আন এঠাইলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ প্ৰচেষ্টাৰে বাছলৈ অপেক্ষা কৰি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰে এটা সৰবৰাহকাৰীক ৷ ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো দৰং জিলাৰ দলগাঁৱৰ বাসিন্দা ৷

উল্লেখ্য যে, ধৃত ফকিৰ বেছিমাৰীৰ ইনামূল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ সৈতে দীৰ্ঘদিনে জড়িত থকাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে ৷ শুকুৰবাৰে ফকিৰ আলী বিশ্বনাথ চাৰিআলিৰ বাছ আস্থানত ৰৈ থকাৰ খবৰ পোৱা মাত্ৰকে বাছ আস্থানত উপস্থিত হৈছিল আৰক্ষীৰ এটা দল ৷
চকুৰ সমুখতে আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰা ফকিৰ আলীক গুলীয়াবলৈ বাধ্য হয় আৰক্ষী (police shot a drug peddler) ৷ আৰক্ষীৰ গুলীত বাওঁভৰিত আঘাতপ্ৰাপ্ত হোৱা ফকিৰক শনিবাৰে পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Drugs Peddler admited in TMCH) ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান চিকিৎসা অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ ৷
লগতে পঢ়ক : Drug peddler arrested in Biswanath : বিশ্বনাথত ড্ৰাগছসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ