ETV Bharat / state

Rajnath Singh Arunachal Visit : ৩ জানুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ

author img

By

Published : Jan 2, 2023, 12:26 PM IST

মঙলবাৰে অৰুণাচল প্ৰদেশলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Rajnath Singh to Arunachal visit) । পূব অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী । তাত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব ।

Rajnath Singh
Rajnath Singh

তেজপুৰ, ২ জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম সপ্তাহতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভ্ৰমণ কৰিব উত্তৰ-পূৰ্বাঞ্চল (Defence Minister Rajnath Singh north east visit) । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৩ জানুৱাৰী অৰ্থাৎ মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্ঘাটন কৰিবলৈ পূব অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ আহিব বুলি প্ৰতিৰক্ষা মুখপাত্ৰৰ সূত্ৰত প্ৰকাশ (Rajnath Singh to Arunachal visit) ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ সীমান্ত পথ সুৰক্ষা বাহিনীৰ অধীনত সম্পূৰ্ণ হৈ উঠা অৰুণাচল প্ৰদেশৰ সীমান্ত সংযোগী দলঙৰ শুভ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে (border bridge in Arunachal) । উল্লেখ্য, বিগত কেইবাবছৰো ধৰি নিৰ্মাণকাৰ্য চলি থকা অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল কৰিবলৈ কেইবাখনো গুৰুত্বপূৰ্ণ দলঙৰ কাম চলি আছিল ।

ইতিমধ্যে এই দলংকেইখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে । সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মাজত যোগাযোগ ব্যৱস্থা উন্নতমানৰ কৰাৰ লগতে সেনাবাহিনীৰ লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ দলংসমূহৰ নিৰ্মাণ খৰতকীয়াকৈ হৈ উঠাৰ পিছত এতিয়া সেইসমূহ জনসাধাৰণৰ বাবে মুকলি কৰিব আৰু সীমান্ত অঞ্চলৰ পৰিৱেশৰ বুজ লোৱাৰ সম্ভাৱনা আছে প্ৰতিৰক্ষা মন্ত্ৰীৰ । পাহাৰীয়া ৰাজ্যখনৰ পূব আৰু পশ্চিম দিশত সেনাৰ আৰু সীমান্ত পথ সুৰক্ষা বাহিনীৰ তাৎপৰতাত যুদ্ধকালীন প্ৰস্তুতিৰে পথ আৰু দলঙৰ নিৰ্মাণ চলি আছে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত দেশৰ নৱনিযুক্ত চীফ অব ডিফেন্স ষ্টাফগৰাকীয়েও সংগ দিয়াৰ সম্ভাৱনা আছে বুলি এক সূত্ৰত জানিব পৰা গৈছে ।

উল্লেখ্য, অৰুণাচলৰ ভাৰত-চীন সীমান্তত নিৰ্মাণ হৈ আছে এছিয়াৰ উচ্চতম স্থানৰ ছেলা সুৰংগ পথ । প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত নিৰ্মাণ হোৱা পশ্চিম অৰুণাচল প্ৰদেশৰ চেলা পাছ সুৰংগ (Sela Pass Tunnel in Arunachal) নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে । কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (BRO) প্ৰচেষ্টাত অটল আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে চেলা সুৰংগ ।

এই সন্দৰ্ভত ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ (Border Roads Organisations) তেজপুৰস্থিত প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমণ কুমাৰ এছ ভিয়ে শনিবাৰে ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে যথেষ্ট কঠোৰ পৰিশ্ৰমৰ মাজত এই সুৰংগৰ নিৰ্মাণকাৰ্য চলি আছে (Sela Pass Tunnel) ।

তেওঁ কয় যে সাগৰ পৃষ্ঠাৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লে'নযুক্ত পথ সুৰংগ । মুঠ 11.204 দৈৰ্ঘ্যৰ 9.220 কিলোমিটাৰ আৰু পদপথৰ দূৰত্বৰ এই সুৰংগই পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ অৰ্থাৎ চেলা পাছৰ সমগ্ৰ স্নিগ্ধ তুষাৰবিত্ত পৰ্বতমালা অতিক্ৰম কৰি ভাৰত-চীন সীমান্তলৈ যাব পাৰিব (India China border in Arunachal) । লগতে প্ৰায় 9.220 কিলোমিটাৰ দূৰত্ব কমিব ।

লগতে পঢ়ক :Army chief visiting troops: নৱবৰ্ষ উপলক্ষে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাৰে সেনা প্ৰধানৰ বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.