তেজপুৰ, ২৪ অক্টোবৰ : ভাৰত চীন সীমান্তত ভাৰতীয় সেনাৰ বিজয়া দশমী উদযাপন । বিজয়া দশমীৰ লগত সংগতি ৰাখি অস্ত্ৰ পূজাৰো আয়োজন কৰা হয় । য'ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে । বিজয়া দশমীয়ে অশুভ শক্তিৰ ওপৰত ভালৰ জয়ৰ কথা সূচায় বুলি দাবী কৰে ৰাজনাথ সিঙে । অনুষ্ঠানত অংশ লৈ ৰাজনাথ সিঙে কয় যে সশস্ত্ৰ বাহিনীৰ সাহস আৰু দায়বদ্ধতাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে শীৰ্ষ স্থান লাভ কৰাৰ অন্যতম মূল কাৰণ আৰু এতিয়া ভাৰত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত আছে বুলিও তেওঁ দাবী কৰে ।

শেহতীয়াকৈ ইটালী ভ্ৰমণৰ উদ্ধৃতি দি তেওঁ কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত নিৰ্মাণ কৰা মণ্টন স্মাৰক তেওঁ পৰিদৰ্শন কৰিছিল । ইটালীৰ অভিযানত যুঁজ দিয়া নায়ক য়াশৱন্ত গাডজে আৰু অন্যান্য ভাৰতীয় সৈনিকৰ অৱদানক সন্মান জনাই নিৰ্মাণ কৰা হৈছিল এই মণ্টন স্মাৰক । তেওঁ লগতে কয় যে কেৱল ভাৰতীয়ই নহয় ইটালীৰ লোকেও এই স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় । এয়া ভাৰতীয় সেনাৰ সাহসিকতাক বিশ্বজুৰি স্বীকৃতি দিয়াৰ প্ৰমাণ বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হয় । তাৰ পৰা তেওঁ সেনাৰ বিশেষ হেলিকপ্টাৰেৰে টাৱাং ভ্ৰমণ কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তৰ বুমলা পাছত উপস্থিত হৈ সীমান্ত পৰিস্থিতিৰো বুজ লয় । সেনাৰ অত্যাধুনিক টেলিস্কোপৰ জৰিয়তে সীমান্ত চকীৰো পৰ্যবেক্ষণ কৰে । ইফালে বিজয়া দশমী উপলক্ষে বুমলা পাছত সেনা বাহিনীৰ মাজত তেওঁ মিঠাই বিতৰণো কৰে । প্ৰচণ্ড শীতৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে টাৱাঙৰ ৱাৰ মেম'ৰিয়েলত উপস্থিত হৈ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ভাৰত-চীন যুদ্ধৰ ৬১ বছৰীয়া জয়ন্তী আৰু বিজয়া দশমীৰ দিনটোত দেশৰ সুৰক্ষাৰ দায়িত্ব দিনে নিশাই নিয়োজিত হৈ থকা বীৰ সৈনিকসকলৰ সৈতে তেওঁ এটা দিন কটায় ।

অৰুণাচল প্ৰদেশৰ ফৰৱাৰ্ড পোষ্টসমূহ পৰিদৰ্শন কৰি ৰাজনাথ সিঙে তাত থকা সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতিৰ মূল্যায়ন কৰে । তেওঁ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ ফ্ৰ'ণ্ট লাইনত নিয়োজিত সেনাৰ সৈতে মত-বিনিময়ো কৰে আৰু তেওঁলোকৰ সৈতে দশেৰা বা বিজয়া দশমী উদযাপন কৰে । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে সেনা বাহিনীক প্ৰশংসা কৰে ।

বিশ্বজুৰি যি পৰিস্থিতিয়ে বিৰাজ কৰিছে তেনে সময়ত দেশৰ নিৰাপত্তা যন্ত্ৰক শক্তিশালী কৰাৰ বাহিৰে আন কোনো বিকল্প নাই বুলিও দৃঢ়তাৰে কয় মন্ত্ৰীগৰাকীয়ে । ইফালে প্ৰতিৰক্ষা সঁজুলিৰ থলুৱা উৎপাদনৰ জৰিয়তে দেশৰ সামৰিক শক্তিক অধিক শক্তিশালী কৰাৰ বাবেও চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰ'ৰ দিশত বিশাল অগ্ৰগতি লাভ কৰিছে ।

ৰাজনাথ সিঙৰ মতে পূৰ্বে সামৰিক বাহিনী উন্নীত কৰিবলৈ আমদানিৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল । কিন্তু আজি দেশৰ ভিতৰতে কেইবাটাও ডাঙৰ অস্ত্ৰ আৰু প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে । তেওঁৰ মতে বিদেশী কোম্পানীসমূহক তেওঁলোকৰ প্ৰযুক্তি ভাগ-বতৰা কৰিবলৈ আৰু ভাৰতত এই সঁজুলিসমূহ ঘৰুৱা উদ্যোগৰ সৈতে উৎপাদন কৰিবলৈ উৎসাহিত কৰা হৈছে । ২০১৪ চনত প্ৰতিৰক্ষা ৰপ্তানিৰ মূল্য প্ৰায় ১০০০ কোটি টকা আছিল যদিও আজি ভাৰতে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, ইষ্টাৰ্ণ কমাণ্ডাৰ ৰাণা প্ৰতাপ কলিতা আৰু জিঅ'চি, ৪ কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল মনীষ এৰি আৰু ভাৰতীয় সেনাৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।
উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেজপুৰস্থিত ৪ কৰ্পছৰ মুখ্য কাৰ্যালয়ো পৰিদৰ্শন কৰে । এই ভ্ৰমণৰ সময়ত তেওঁ দেশৰ অন্যতম পূব প্ৰান্তত নিয়োজিত ফৰ্মেচনটোৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীক নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আন্তঃগাঁথনি উন্নয়ন আৰু ফ্ৰ'ণ্ট লাইনত নিয়োজিত সেনাৰ কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ বাবে অত্যাধুনিক সামৰিক সঁজুলি আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰা হয় ।