ETV Bharat / state

চিৰাজুলিৰ চেণ্ট্ৰেল বেংকত ডকাইতি: ৮.৫ লাখ টকা লুট

author img

By

Published : May 10, 2021, 5:59 PM IST

শোণিতপুৰৰ চিৰাজুলিৰ চেণ্ট্ৰেল বেংকত ডকাইতি কাণ্ড ৷ তিনি অস্ত্ৰধাৰী লোকে অস্ত্ৰ দেখুৱাই লুটি নিয়ে বেংকৰ ধন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

DACOIT INCIDENT IN CENTRAL BANK AT SONITPUR
শোণিতপুৰৰ চিৰাজুলি চেন্ট্ৰেল বেংকত ডকাইতি; লুটি নিলে ৮.৫ লাখ টকা

তেজপুৰ,১০ মে': শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চিৰাজুলিৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত দিন-দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ সোমবাৰে দুপৰীয়া ১২.৪০ বজাত চিৰাজুলিস্থিত বেংকটোত তিনিজন অস্ত্ৰধাৰী লোকে এ কে ৪৭ ৰাইফলেৰে তিনি জাঁই গুলী ফুটাই লুটি নিয়ে প্ৰায় ৮ লাখ ৫০ হাজাৰ টকা ৷

DACOIT INCIDENT IN CENTRAL BANK AT SONITPUR
চিৰাজুলিৰ চেণ্ট্ৰেল বেংকত ডকাইতি

তিনি অস্ত্ৰধাৰীৰ মাজৰ এজনে এ কে ৪৭ আৰু আন দুজনে ক্ৰমে পিষ্টল আৰু হাতত খুকুৰী লৈ হেলমেট পৰিধান কৰি বেংকটোত প্ৰৱেশ কৰে ৷ বেংকৰ প্ৰৱেশদ্বাৰত থকা সুৰক্ষাকৰ্মী লোহিত বৰাক আক্ৰমণ কৰি দুই জাঁই গুলী ফুটাই বেংকটোৰ পৰা ৮ লাখ ৫০ হাজাৰ টকা লুট কৰি নিয়ে ডকাইতৰ দলটোৱে ৷ এই কথা জানিবলৈ দিয়ে বেংকটোৰ পৰিচালক ৰাকেশ কুমাৰ যাদৱ আৰু সহকাৰী পৰিচালক দৰ্শনা বৰুৱাই ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰথমটো বদলিৰ নিৰ্দেশ: প্ৰধান সচিবৰ দায়িত্বত সমীৰ সিনহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.