তেজপুৰ, ১৯ অক্টোবৰ : ভাৰতীয় কমিউনিষ্ট পার্টীৰ (মার্ক্সবাদীৰ) শোণিতপুৰ জিলা কমিটীয়ে বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (CPIM protest at Tezpur) । তেজপুৰ হেমবৰুৱা ভৱনত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত কমিউনিষ্ট পাৰ্টীৰ বক্তব্য, " আমি অতি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় বয়বস্তুৰ দাম বৃদ্ধিয়ে সর্বসাধাৰণ লোকৰ জীৱন-জীৱিকাত ভয়ংকৰ প্ৰভাৱ পেলাইছে (CPIM slammed govt for price hike) ।"
লগতে দলটোৰ অভিযোগ, অতি উদ্বেগৰ বিষয় যে চৰকাৰৰ নীতিৰ ফলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম হোৱা সত্ত্বেও দেশত তেলৰ মূল্য কম হোৱা নাই । ইয়াৰ মূল কাৰণ হৈছে ইন্ধনৰ ওপৰত আৰোপিত অত্যধিক কৰ । ভূতৰ ওপৰত দানহ পৰাদি আজি দুই-তিনি মাহৰ পৰা বিদ্যুৎ গ্রাহকে অভাৱনীয় হাৰত বিদ্যুৎ মাচুল দিবলগা হৈছে (CPIM protest against price hike at Tezpur) ।
স্মার্ট মিটাৰৰ নামত উপভোক্তাসকল লুণ্ঠিত হৈছে । চৰকাৰে আনকি ভূ-গৰ্ভস্থ পানী উত্তোলনৰ ওপৰত কৰ জাপি দিব বিচাৰি আর্থিকভাৱে জুৰুলা নাগৰিকক মাধমাৰ শোধাব বিচাৰিছে ৷ আহাতে, শেহতীয়াকে পৌৰ কৰ বৃদ্ধি কৰি চৰকাৰে নগৰবাসীৰ ওপৰতো মাধমাৰ শোধাব বিচাৰিছে । উক্ত উক্ত প্ৰতিবাদী সভাৰ শেষত এক প্ৰতিবাদী সমদল উলিয়ায় (CPIM Sonitpur Dist committee protest rally) ।
লগতে চৰকাৰৰ এনেবোৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভাৰতীয় কমিউনিষ্ট পার্টীৰ (মার্ক্সবাদীৰ) শোণিতপুৰ জিলা কমিটীয়ে শোণিতপুৰ জিলা উপায়ুক্তক ৬টা দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে । তেওঁলোকৰ দাবী, চৰকাৰে খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশকীয় বয়বস্তুৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক । পেট্র'ল-ডিজেলৰ ওপৰত জাপি দিয়া অত্যধিক কৰ প্ৰত্যাহাৰ কৰক । চৰকাৰৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক । স্মার্ট মিটাৰৰ নামত বিদ্যুৎ গ্ৰহকক লুণ্ঠন কৰা বন্ধ কৰক । ভূ-গর্ভস্থ পানী উত্তোলনৰ ওপৰত ৰাজহুৱা কৰ প্ৰত্যাহাৰ কৰক আৰু পৌৰ কৰ বৃদ্ধিৰ প্ৰচেষ্টা বাতিল কৰক ।
আনহাতে, যোৱা ৩ ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ৩ নং চিতলমাৰীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ ১৯৯ পৰিয়ালক শোণিতপুৰ জিলা প্রসাশনে চলোৱা উচ্ছেদ কাৰ্যত গভীৰ ক্ষোভ আৰু উদ্বেগ প্রকাশ কৰে কমিউন্ষ্ট পাৰ্টীয়ে ৷ উক্ত উচ্ছেদিত পৰিয়ালসমূহ দশক দশক ধৰি অঞ্চলটোত বসবাস কৰাৰ দাবী বাঁওপন্থী দলটোৰ ।
ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বস্বান্ত কৰা বিভিন্ন জাতি-ধৰ্মৰ এইসকল ভাৰতীয় নাগৰিকক সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাকৈ প্ৰশাসনে চলোৱা উচ্ছেদ অমানৱীয় আৰু এখন কল্যাণকামী ৰাষ্ট্ৰৰ মূল আদৰ্শৰ পৰিপন্থী বুলি দাবী কৰে দলৰ ৰাজহুৱা সভাই । তেওঁলোকে কয় যে জীৱন আৰু জীৱিকাৰ অধিকাৰ আমাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ । সেয়ে চিপিআই (এম) দলে সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰো দাবী জনাই আহিছে (CPIM protest against eviction In Sonitpur) ।
কিন্তু আর্থিকভাৱে ভাৰাক্ৰান্ত খেতিয়কৰ ওপৰত জধেমধে উচ্ছেদ চলাই অন্নদাতাৰ বিৰুদ্ধেই চৰকাৰে যেন এক যুদ্ধ ঘোষণা কৰা বুলি দলটোৰ অভিযোগ । উল্লেখ্য, চিতলমাৰীৰ উচ্ছেদিত ৮০/৯০ বছৰীয়া বৃদ্ধকে ধৰি ০-৬ বছৰৰ শিশু, হাইস্কুল আৰু কলেজত পঢ়ি থকা কিশোৰ-কিশোৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিত মুকলি আকাশৰ তলত দুৰ্বিষহ জীৱন কটাই আছে ।
আনহাতে আগন্তুক শীতকালৰ সময়ত এইসকল লোকৰ জীৱনলৈ কেনে ভয়ংকৰ বিপদ নামি আহিব পাৰে সেয়া সহজে অনুমেয় । চিপিআই (এম)ৰ আজিৰ ৰাজহুৱা সভাই চৰকাৰৰ এনে অমানৱীয় উচ্ছেদক তীব্র নিন্দা কৰে আৰু আগন্তুক শীতকালৰ পূৰ্বে এইসকল পৰিয়ালক সংস্থাপন দিবলৈও দাবী জনায় ।
লগতে পঢ়ক :Poor health system in Majuli : তেজস্বিতাৰ পাছত এইবাৰ আদিত্য, হাস্পতাল একেখনেই