তেজপুৰ,25 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ মাৰাত্মক প্ৰদূষণৰ গৰাহত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 60 খন নদী ৷ ইয়াৰ ভিতৰত অসমৰ ভৰলু, বশিষ্ঠ, কলং, বকো আৰু কপিলী নৈৰ পানী প্ৰদূষিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ নতুন দিল্লীৰ চেণ্টাৰ ফৰ চাইয়েন্স এণ্ড এনভাইৰমেন্টে চলোৱা এক সমীক্ষাত ধৰা পৰিছে যে, Biochemical Oxygen demand (BOD) এ প্ৰভাৱ পেলাইছে এই 60 খন নদীত ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্যই প্ৰকাশ কৰা মতে এই প্ৰদূষণৰ কাৰকসমূহ হৈছে অবৈজ্ঞানিক পদ্ধতিৰে কৰা কয়লা মাইনিং, চহৰ অঞ্চলৰ কাষৰীয়া আৰু অসংৰক্ষিত ডাম্পিং ৷ যাৰ পৰিণতিস্বৰূপে অতিমাত্ৰা এচিড আৰু প্ৰদূষণে প্ৰভাৱ পেলাইছে নদীসমূহত ৷ এইপৰ্যন্ত ভাৰতবৰ্ষত মুঠ 351 খন নদী প্ৰচণ্ড প্ৰদূষণৰ কৱলত পৰিছে ৷
উল্লেখ্য যে, অৰুণাচল প্ৰদেশ আৰু ছিক্কিম তুলনামূলকভাৱে কম প্ৰদূষিত আৰু পৰিস্কাৰ বুলি ঘোষণা কৰা হৈছে ৷ বিশেষকৈ অসম ,মেঘালয় আৰু নাগালেণ্ডৰ অতিমাত্ৰা প্ৰদূষণৰ কাৰণ হ’ল অবৈজ্ঞানিক কয়লা মাইনিং । ২০১৮ চনৰ নীতি আয়োগৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে পানী যোগান ধৰা তথ্য অনুসৰি প্ৰায় ৭০ % শতাংশ বিশুদ্ধ পানী কনতামেন্টেড আৰু প্ৰায় ৬০০ মিলিয়ন লোকে বেছিকৈ পানীৰ অভাৱত পৰে । আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৩০ % দেশীয় পানীৰ উৎসৰ কম বসতি স্থাপন কৰা অঞ্চলত থকা লোকেও যথেষ্ট পৰিমাণে পানীৰ অভাৱত পৰে বুলি সমীক্ষাত প্ৰকাশ পাইছিল ৷
লগতে পঢ়ক-অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ