ETV Bharat / state

তেজপুৰত সেনাৰ চিকিৎসালয়ত COVID-১৯ৰ প্ৰতিষেধক প্রদান

author img

By

Published : Jan 19, 2021, 9:56 PM IST

মঙলবাৰে তেজপুৰস্থিত সেনাৰ চিকিৎসালয়ত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় । প্ৰথম দিনটোত সামৰিক বাহিনীৰ চিকিৎসক, নাৰ্চ আৰু আন স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হয় ।

তেজপুৰত সেনাৰ চিকিৎসালয়ত COVID-১৯ৰ প্ৰতিষেধক প্রদান
তেজপুৰত সেনাৰ চিকিৎসালয়ত COVID-১৯ৰ প্ৰতিষেধক প্রদান

তেজপুৰ, ১৯ জানুৱাৰী: ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ অধীনত ১৫৫ বেছ হাস্পতালত মঙলবাৰে সামৰিক বাহিনীৰ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্রদান কৰা হয় । উত্তৰ অসমৰ একমাত্ৰ বৃহৎ সামৰিক চিকিৎসালয়খনলৈ প্ৰথম পৰ্যায়ত COVID-১৯ৰ প্ৰতিষেধকৰ ৮৮০টা খোৰাক প্ৰেৰণ কৰা হৈছে । তেজপুৰৰ গজৰাজ ক'ৰৰ চিএফ অৱ ষ্টাফ মেজৰ জেনেৰেল পৰমজিৎ সিং দয়াই শুভাৰম্ভণি কৰা এই প্ৰতিষেধক প্ৰদান অনুষ্ঠানত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্রদান কৰা হয় ।

তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই জনায় যে, এই প্ৰতিষেধক বহু প্ৰতীক্ষিত আছিল যদিও সেনাবাহিনীৰ লোকে বিগত বৰ্ষত মহামাৰীৰ লগত যুঁজ দি জয়ী হ'বলৈ সক্ষম হৈছিল । অৱশেষত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত প্ৰেৰণ কৰা এই প্ৰতিষেধক গ্ৰহণ কৰে । বিগত সময়চোৱাত সেনাবাহিনীৰ এই 155 বেছ চিকিৎসালয় সেনাবাহিনীৰ লোকৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ আছিল ।

প্ৰায় ৪৫০ জন সেনা বাহিনীৰ লোক মহামাৰীত আক্ৰান্ত হৈছিল । কিন্ত বৈজ্ঞানিকসকলে কোৱাৰ দৰে প্ৰতিষেধক আহিল যদিও সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা এতিয়াও আছে বুলি সেনা বিষয়া, স্বাস্থ্য কৰ্মীসকলক সতৰ্ক কৰি দিছে বুলি জনাইছে মুখপাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক:প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.